অসম

assam

ETV Bharat / state

নীপকোৰ অবিবেচকী কাণ্ড : ৰঙানদীত সন্ধানহীন এজন - Youth Missing in Lakhimpur

One missing in Ranganadi: নীপকোৱে এৰি দিয়া প্ৰকল্পৰ অতিৰিক্ত জলৰাশি যোগ হোৱাত মঙলবাৰৰ পৰা কালৰূপ ধাৰণ কৰে ৰঙানদীয়ে । ৰঙানদীৰ কোবাল সোঁতত উটি গ'ল এজন যুৱক । মঙলবাৰৰ বিয়লিৰ পৰা এই পৰ্যন্ত উদ্ধাৰকাৰী বাহিনীয়ে নদীখনত যুৱকজনৰ সন্ধানত অভিযান চলাই আছে যদিও বৰ্তমানলৈ যুৱকজনৰ কোনো শুংসূত্ৰ ওলোৱা নাই ।

By ETV Bharat Assamese Team

Published : May 29, 2024, 3:27 PM IST

Youth drowned in Ranganodi river in Lakhimpur
ৰঙানদীত সন্ধানহীন এজন (ETV Bharat Assam)

লখিমপুৰ,২৯ মে':লখিমপুৰত ৰঙানদীৰ বলিয়া বানত মঙলবাৰে বিয়লি দিশহাৰা হৈছিল চাৰিজনকৈ লোক । তাৰে তিনিজনক উদ্ধাৰ কৰা হয় যদিও এজন এই পৰ্যন্ত সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে । লখিমপুৰ নগৰৰ সমীপৰ অসম অৰুণাচল সীমান্তৱৰ্তী জহিং অঞ্চলত সংঘটিত হৈছে এই ঘটনা । জহিং অঞ্চলৰ জহিং বৰ লাইনৰ অঞ্জুলুছ চুৰিন, জহিং ১৫ নং লাইনৰ চিমচুন কুঞ্জ, জহিং ১ নং লাইনৰ আগনুচ তিৰ্কী আৰু জহিং ১ নং লাইনৰ চামচুল হৰ'ই মঙলবাৰে বিয়লি ২ মান বজাত ৰঙানদীত মাছ ধৰিবলৈ বুলি গৈছিল ।

ৰঙানদীত সন্ধানহীন এজন (ETV Bharat Assam)

তেওঁলোকে মাছ ধৰি থকাৰ সময়তে নীপকোৱে বিয়লি ৰঙানদীত প্ৰকল্পৰ পানী খুলি দিয়ে । লগে লগে নদীখন ফেনে-ফোটোকাৰে বাঢ়ি আহে । হঠাৎ নদীখনৰ পানী বাঢ়ি অহাত লোককেইজন দিশহাৰা হৈ পৰে । নদীৰ পানীৰ সোঁতৰ পৰা উদ্ধাৰ পাবলৈ তেওঁলোকে চেষ্টা চলাই যদিও আগনুচ তিৰ্কী নামৰ লোকজনেহে কোনোমতে নদী পাৰ হৈ আহিবলৈ সক্ষম হয় । বাকী কেইজন নদীৰ বুকুতে ৰৈ যায় ।

কোনোমতে নদী পাৰ হৈ আহিবলৈ সক্ষম হোৱা আগনুচে ঘটনাৰ বিষয়ে জনোৱাৰ লগে লগে স্থানীয় ৰাইজ, এছ ডি আৰ এফ বাহিনী, আৰক্ষী, জিলা প্ৰশাসনৰ বিষয়া আদি ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । নিশালৈকে উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ অভিযান চলাই যদিও এজনকো উদ্ধাৰ কৰিবলৈ সক্ষম নহয় । ফলত উদ্ধাৰকাৰী বাহিনীয়ে ওৰে নিশা ঘটনাস্থলীত বাহৰ পাতি বুধবাৰে পুৱা পুনৰ অভিযান আৰম্ভ কৰে ।

পুৱাৰ ভাগত চলোৱা অভিযানত উদ্ধাৰকাৰী বাহিনীয়ে নদীৰ মাজৰ এটা চাপৰিত আশ্ৰয় লৈ থকা অৱস্থাত অঞ্জুলুছ চুৰিন আৰু চিমচন কুঞ্জক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আনহাতে তেওঁলোকৰ লগত যোৱা আনজন যুৱক চামচুল হৰ' নদীত উটি যোৱা বুলি তেওলোকে উদ্ধাৰকাৰী বাহিনীক অৱগত কৰে । নিৰুদিষ্ট চামচুলৰ সন্ধানত উদ্ধাৰকাৰী বাহিনীয়ে নদীখন অভিযান চলাইছে যদিও বৰ্তমানলৈ সফল হোৱা নাই ।

এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকে নীপকোৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে । নীপকোৱে প্ৰকল্পৰ পানী খোলাৰ কেইঘন্টামানৰ পূৰ্বে জাননী নিদি জাননী দিয়াৰ লগে লগেই পানী খুলি দিয়াৰ বাবে বাবে এনেদৰে নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় বুলি ক্ষোভ প্ৰকাশ কৰে । উল্লেখ্য কেৱল এয়াই প্রথম নহয় । নীপকোৰ এনে বিবেচনাহীন কাণ্ডৰ বাবে লখিমপুৰৰ ৰাইজৰ প্ৰতি বছৰে বহু জীৱন-সম্পত্তি হানি হৈ আহিছে।

লগতে পঢ়ক:নীপকোৱেও এৰিলে প্ৰকল্পৰ পানী : ৰেমলৰ মাজতে লখিমপুৰত আন এক বিভীষিকা - NEEPCO Releases Excess Water

ডিমা হাছাওৰ জাতিংগা নৈত কালৰ অপেক্ষা; বাঢ়নি পানীত উটি গ’ল আব্দুল অমৰ - Youth Drowns To Death

ABOUT THE AUTHOR

...view details