ধেমাজি, ২৫ মে':'পথাৰ আমাৰ, বজাৰ আমাৰ' শ্নোগানেৰে প্ৰকৃতাৰ্থত ৰূপায়ণ কৰি অসমীয়াগিৰি প্ৰদৰ্শন কৰাৰ বাবে উঠিপৰি লাগিছে ধেমাজিৰ এচাম শিক্ষিত উদ্যমী কৃষকে ৷ এইসকল কৃষকে পৰিৱৰ্তনকামী চিন্তাৰে শালিখেতিৰ পিচত পৰি থকা কৃষিভূমিত উন্নতজাতৰ মিলেট বা কণীধানৰ খেতি কৰাৰ সিদ্ধান্ত ল'লে ৷ ভবা মতেই কাম ৷ চৰকাৰী চাকৰিয়ে শেষ কথা হ’ব নোৱাৰে বুলি মনোভাৱ গ্ৰহণ কৰিয়েই তেওঁলোকে আগুৱালে খেতিৰ বাবে ৷ ধেমাজি সদৰৰ সমীপৰ এৰাঢল পঞ্চায়তৰ অন্তৰ্গত বৰগাঁও আৰু বালি গাঁৱৰ পথাৰত পোন প্ৰথমবাৰৰ বাবে উন্নত জাতৰ মিলেট বীজ ৰোপণ কৰে ৷
প্ৰথম অৱস্থাত ৩০ বিঘা কৃষিভূমিত ফক্সটেইল মিলেট (কণীধান)ৰ খেতিৰে বিপ্লৱৰ সূচনা কৰে স্থানীয় সাতজনীয়া এটা উদ্যমী যুৱকৰ দলে । উল্লেখ্য যে জৈৱিকভাৱে উৎপাদন কৰা মিলেটৰ চাউলৰ চাহিদাও যথেষ্ট । সুস্বাদু খাদ্য হিচাবে সমাদৃত মিলেট বা কণী ধানৰ চাউলৰ পৰা বিভিন্ন শিশু আৰু প্ৰসূতি মাতৃৰ খাদ্যও প্ৰস্তত কৰে বহু কোম্পানীয়ে । সুবিশাল পথাৰত কৰা ইতিমধ্যে বিঘাই বিঘাই কণী ধান পকিবলৈ ধৰিছে ৷