বৰপেটা,৬ আগষ্ট:বৰপেটাত আশ্বৰ্যকৰ ঘটনা । চুৰি মটৰ চাইকেলত আন লোকৰ বাহনৰ নম্বৰ ব্যৱহাৰ কৰি আৰক্ষীৰ নাকৰ আগেৰেই ঘুৰি ফুৰিছে অপৰাধী । ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ লোক । তেন এক অবাঞ্চিত ঘটনাই সংঘটিত হৈছে বৰপেটাত । বৰপেটা মেডিকেল কলেজ হাস্পতালৰ কৰ্মচাৰী জীতেন্দ্ৰ দাসলৈ চালকৰ অনুজ্ঞা-পত্র নথকা আৰু হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱাৰ অভিযোগত মুঠ ৬ হেজাৰ টকা জৰিমনা বিহাৰ জাননী লাভ কৰে ।
পিচে জৰিমনা জাননীখনত সংলগ্ন যুৱকজনৰ মটৰ চাইকেলখনৰ ফটো দেখিহে আচৰিত হয় যুৱকজন । কিয়নো যুৱকজনলৈ প্ৰেৰণ কৰা বার্তাটোৰ সৈতে যিখন মটৰ চাইকেলৰ ফটো প্ৰেৰণ কৰা হৈছে । উক্ত মটৰ চাইকেলত সংলগ্ন হৈ নম্বৰটোৰ সৈতে জীতেন্দ্র দাসৰ মটৰ চাইকেলৰ নম্বৰটোৰ মিল আছে যদিও ফটোত থকা মটৰ চাইকেলখন জীতেন্দ্র দাসৰ নহয় ।
জীতেন্দ্র দাসে AS-15-H-9069 নম্বৰৰ পালছাৰ মটৰ চাইকেল ব্যৱহাৰ কৰাৰ বিপৰীতে জাননীখনৰ সৈতে প্ৰেৰণ কৰা ফটোত থকা মটৰ চাইকেলখন হিৰো কোম্পানীৰ দ্বাৰা নির্মিত । তদুপৰি জীতেন্দ্র দাসৰ চালকৰ অনুজ্ঞা-পত্রকে ধৰি যাৱতীয় তথ্য-পাতি মজুত আছে । এই কথাত আশ্চর্য হৈ পৰা যুৱকজনে বৰপেটা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি গোটেই ঘটনাটোৰ অনুসন্ধানৰ দাবী জনাইছে ।