অন্ত পৰিল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ; অংশগ্ৰহণ কৰে সৰ্বকনিষ্ঠ অধ্যাপক সুবৰ্ণ আইজাক বাৰিয়ে কোকৰাঝাৰ, 19 ফেব্ৰুৱাৰী: বড়োলেণ্ড বিশ্ববিদ্যালয়ত যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ ৰবিবাৰৰ সন্ধিয়া সামৰণি পৰে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ বিভিন্ন মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ সমাগমৰে উখল-মাখল হৈ পৰা আন্তঃমহাবিদ্যালয়ৰ যুৱ মহোৎসৱৰ দেওবাৰৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশ্বৰ সৰ্বকনিষ্ঠ অধ্যাপক সুবৰ্ণ আইজাক বাৰিয়ে ।
অন্ত পৰিল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ; অংশগ্ৰহণ কৰে সৰ্বকনিষ্ঠ অধ্যাপক সুবৰ্ণ আইজাক বাৰিয়ে বিশ্বৰ সৰ্বকনিষ্ঠ অধ্যাপক আইজাক বাৰিয়ে বড়োলেণ্ড বিশ্ববিদ্যালয় সহ বিভিন্ন মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, অধ্যাপকৰ সতে এক মতবিনিময় অনুষ্ঠানত অংশ লয় । ইয়াৰোপৰি কোকৰাঝাৰ মেডিকেল কলেজ, চি আই টি আৰু বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে অধ্যাপক বাৰিয়ে । বিশ্বৰ সৰ্বকনিষ্ঠ অধ্যাপক সুবৰ্ণ আইজাক বাৰিৰ প্ৰেৰণামুলক বক্তব্যই ছাত্র-ছাত্ৰীসকলক যথেষ্ট অনুপ্ৰাণিত কৰে ।
ইপিনে মত বিনিময় অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে সোধা এক প্ৰশ্নৰ উত্তৰত কনিষ্ঠ প্ৰফেছৰ বাৰিয়ে নিজৰ সফলতাৰ কাৰণ পিতৃৰ অৰিহণা বুলি মন্তব্য কৰে ৷ অধ্যাপক বাৰিৰ সৈতে চেলফি উঠাৰ বাবেও অনুষ্ঠানত উপস্থিত লোকৰ মাজত হেতা-ওপৰা লগা পৰিলক্ষিত হয় ৷ যুৱ মহোৎসৱৰ কালিৰ সামৰণি অনুষ্ঠানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পি কে পাত্ৰ , পঞ্জীয়ক সুবুং বসুমতাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সঞ্চালক প্ৰহ্লাদ ব্ৰহ্ম সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷
অন্ত পৰিল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ; অংশগ্ৰহণ কৰে সৰ্বকনিষ্ঠ অধ্যাপক সুবৰ্ণ আইজাক বাৰিয়ে 15 ফেব্ৰুৱাৰী পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বিতীয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ 37 খন মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল ৷ উল্লেখ্য যে, আজি অৰ্থাৎ সোমবাৰে বিটিআৰৰ শিক্ষা বিভাগৰ উদ্যোগত কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব বিশ্বৰ সৰ্বকনিষ্ঠ অধ্যাপক সুবৰ্ণ আইজাক বাৰিয়ে ৷
লগতে পঢ়ক:চিকিৎসকৰ হেমাহিৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মৃত্যুৰ অভিযোগ