অসম

assam

ETV Bharat / state

কঠোৰ জনসংখ্যা আইন বলবৎ কৰাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ - World Population Day 2024

World Population Day 2024: মৰিগাঁৱত বিশ্ব জনসংখ্যা দিৱস পালন । বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি জনসংখ্যা সমাধান ফাউণ্ডেচনৰ মৰিগাঁও জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ ।

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 9:53 PM IST

World Population Day observed by Janasankhya Samadhan Foundation in Morigaon
মৰিগাঁৱত বিশ্ব জনসংখ্যা দিবস পালন (ETV Bharat Assam)

মৰিগাঁও,১১ জুলাই: আজি বিশ্ব জনসংখ্যা দিৱস । সমগ্ৰ বিশ্বৰ লগতে বৃহস্পতিবাৰে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ মৰিগাঁও জিলা সমিতিয়ে পালন কৰে বিশ্ব জনসংখ্যা দিৱস । এই দিৱসটিৰ লগত সংগতি ৰাখি জনসংখ্যা সমাধান ফাউণ্ডেচনৰ মৰিগাঁও জিলা সমিতিয়ে প্ৰধানমন্ত্ৰীলৈ কঠোৰ জনসংখ্যা আইন বলবৎ কৰাৰ দাবীৰে প্ৰেৰণ কৰে এখন স্মাৰকপত্ৰ ।

মৰিগাঁৱত বিশ্ব জনসংখ্যা দিবস পালন (ETV Bharat Assam)

বৃহস্পতিবাৰে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাকক্ষত জিলা সমিতিয়ে সংবাদমেল সম্বোধন কৰি চৰকাৰক শীঘ্ৰে জনসংখ্যা নিয়ন্ত্ৰণ তথা কঠোৰ জনসংখ্যা আইন প্ৰণয়ন কৰাৰ বাবে দাবী জনায় । ইয়াৰ পূৰ্বে মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰখন । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ক্ৰমে জিলা অধ্যক্ষ অতুল বৰা, জিলা বৌদ্ধিক প্ৰমুখ লেলিন ডেকা, পৱন মান্তা, জাগীৰোড সমষ্টিৰ বৌদ্ধিক প্ৰমুখ জিতেন ডেকা, মহা সচিব ক্ৰমে কণেশ্বৰ কোঁৱৰ, ৰণদ্বীপ ডেকা আৰু ৰাজ্যিক সমিতিৰ সহ সংযোজক পুলিন কাকতি, সংযোজিকা কবিতা ডেকা প্ৰমুখ্যে ভালে কেইগৰাকী বিষয়ববীয়াই ।

এই সন্দৰ্ভত মৰিগাঁও সাংবাদিক সন্থাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি কয় যে ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাঁও জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি এই সন্দৰ্ভত চৰকাৰে এখন কঠোৰ জনসংখ্যা আইন প্ৰণয়ন কৰিব বুলি আশা প্ৰকাশ কৰে ।

আনহাতে সংবাদমেলত অধ্যক্ষ অতুল বৰাই দেশৰ ২৩ খন ৰাজ্যৰ ৪০০ ৰো অধিক জিলাৰ পৰা প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰা বুলি সদৰী কৰে । সমান্তৰালকৈ ২০১৮ চনৰ ৯ আগষ্টত ১২৫ গৰাকী সাংসদৰ সংযুক্ত স্বাক্ষৰ গ্ৰহণৰে দেশৰ ৰাষ্ট্ৰপতিলৈ দাবী জনোৱাৰ বিষয়ে উল্লেখ কৰে ।

লগতে পঢ়ক:বিশ্ব জনসংখ্যা দিৱস : তাৎপৰ্য আৰু জনসংখ্যা বৃদ্ধিৰ তথ্য - World Population Day 2024

World Population Day 2023: সমতা তথা সমৃদ্ধিৰ ভৱিষ্যত গঢ়াৰ দিশত এক পদক্ষেপ

ABOUT THE AUTHOR

...view details