অসম

assam

ETV Bharat / state

কুষ্ঠ ৰোগীক ঘৃণাৰ চকুৰে চোৱাৰ পৰিৱৰ্তে সেৱাৰ আহ্বান - WORLD LEPROSY DAY 2025

মৰিগাঁৱত বিশ্ব কুষ্ঠৰোগ দিৱস পালন । বিশেষ দিনটোৰ লগত সংগতি ৰাখি জিলাখনত উলিওৱা হয় সজাগতা ৰেলী, অনুষ্ঠিত কৰা হয় বিশেষ সজাগতা সভা ।

World Leprosy Day is observed in Morigaon district
মৰিগাঁৱত বিশ্ব কুষ্ঠৰোগ দিৱস পালন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 30, 2025, 6:17 PM IST

মৰিগাঁও:আজি ৩০ জানুৱাৰী, বিশ্ব কুষ্ঠৰোগ দিৱস । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মৰিগাঁৱতো পালন কৰা হয় বিশ্ব কুষ্ঠৰোগ দিৱস । বিশ্ব কুষ্ঠৰোগ দিৱস উপলক্ষে বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ মাজমজিয়াৰে বাহিৰ কৰা হয় এক সজাগতা ৰেলী । মৰিগাওঁ জিলা কুষ্ঠৰোগ নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এই সজাগতা ৰেলীৰ আয়োজন কৰা হয় ।

জিলা কুষ্ঠৰোগ বিষয়া ডাঃ জয়া প্ৰভা বড়োৰ লগতে কেইবাজনো স্বাস্থ্য বিষয়াৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত সজাগতা ৰেলীৰ ফ্লেগ অফ কৰে মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক অৰুণ নাথে । বিশ্ব কুষ্ঠৰোগ দিৱস উপলক্ষে মৰিগাঁৱৰ মাজমজিয়াত আয়োজন কৰা সজাগতা ৰেলীত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।

মৰিগাঁৱত বিশ্ব কুষ্ঠৰোগ দিৱস পালন (ETV Bharat Assam)

এই সজাগতা ৰেলীৰ পিছতে মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কুষ্ঠৰোগৰ বিশেষ সজাগতা সভা । উক্ত সজাগতা সভাত পাঁচজনকৈ কুষ্ঠৰোগীক বিশেষ সাহাৰ্য প্ৰদান কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিশেষ কুষ্ঠৰোগৰ সভাত উপস্থিত থাকে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক অৰুণ নাথ, জিলা কুষ্ঠৰোগৰ নিয়ন্ত্ৰণ কোষৰ বিষয়া ডাঃ জয়া প্ৰভা বড়োৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, "এটা ৰোগ সমাজৰ পৰা আমি কেতিয়াও একেবাৰে নিৰ্মূল কৰিব নোৱাৰো, যেতিয়ালৈকে আমি সকলোৱে একত্ৰিত হৈ কাম নকৰো । কুষ্ঠ ৰোগীক আমি ঘৃণাৰ চকুৰে চাব নালাগে নিঃস্বাৰ্থভাৱে ৰোগীসকলক সেৱা কৰি যাব লাগে ।"

উল্লেখযোগ্য যে মৰিগাঁও জিলাত ৩০ জানুৱাৰীৰ পৰা অহা ১৩ ফেব্ৰুৱাৰীলৈকে কুষ্ঠৰোগৰ সজাগতা অভিযান অব্যাহত থাকিব বুলি জনাই স্বাস্থ্য বিষয়াসকলে । এই সময়ছোৱাত জিলাখনৰ বিভিন্ন গাঁৱত এই সজাগতা অভিযান চলোৱা হ'ব । এই সজাগতা অভিযানত জিলা কুষ্ঠৰোগ বিষয়া ডাঃ জয়া প্ৰভা বড়োৱে সকলো মৰিগাঁওবাসীৰ সহায়-সহযোগিতা কামনা কৰে ।

লগতে পঢ়ক:আহোমৰ স্মৃতিস্বৰূপ ৰাজকাৰেং সংৰক্ষণৰ আহ্বান যোৰহাটবাসীৰ - AHOM RAJKARENG RESERVATION

প্ৰেমিক ভাৰাঘৰত প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ, দোষীক উচিত শাস্তিৰ দাবীত প্ৰতিবাদ - PROTEST IN JONAI

ABOUT THE AUTHOR

...view details