অসম

assam

ETV Bharat / state

চৰাইদেউ মৈদাম ক্ষেত্ৰত আৰম্ভ হ'ল বিশ্ব ঐতিহ্য সপ্তাহ - CHARAIDEO MAIDAM

ঐতিহ্য সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ বাবে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হৈছে বিশ্ব ঐতিহ্য সপ্তাহ ।

World Heritage Week at Charaideo
চৰাইদেউ মৈদাম ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 6:03 PM IST

মৰাণ: আহোম ৰাজশাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে । এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এক নতুন পৰিচয় লাভ কৰি আহোম ৰাজশাসনক পুনৰ বিশ্ব দৰবাৰত উজলাই তুলিলে ।

এই বৰ্ষৰ ২১ জুলাইৰ পৰা ৩১ জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনত ইউনেস্ক'ৱে চৰাইদেউ মৈদাম ক্ষেত্ৰকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে । ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পাছতেই দেশী-বিদেশী পৰ্যটকৰ ভিৰ বাঢ়িছে ।

আজিৰে পৰা চৰাইদেউ মৈদাম ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহ (ETV Bharat Assam)

উল্লেখ্য যে আহোম ৰাজশাসনৰ আটাইতকৈ ওখ আৰু একেলগে বহু মৈদাম থকা ঠাইখিনিয়ে হ'ল চৰাইদেউ মৈদাম ক্ষেত্ৰ । ইতিহাসত উল্লেখ থকা অনুসৰি, চৰাইদেউ মৈদাম হিচাপে পৰিচিত মৈদামসমূহ হৈছে ৰাজপৰিয়ালৰ সদস্যসকলক কবৰ দিয়া স্থান । আহোম ৰজা চাওলুং চ্যুকাফাই নিজৰ শাসনকালত চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল । ইয়াৰ পাছৰে পৰা চৰাইদেউত আহোম ৰজা আৰু ৰাজপৰিয়ালৰ মৃতকৰ মৈদাম দিয়া হৈছে বুলি জানিব পৰা যায় ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ আয়োজন

আহোম ৰাজশাসনৰ সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে । ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছতে মঙলবাৰৰ পৰা আৰম্ভ হৈছে বিশ্ব ঐতিহ্য সপ্তাহ । অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ অন্তৰ্গত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহ ২৫ নৱেম্বৰলৈ অনুষ্ঠিত কৰা হৈছে ।

বিশ্ব ঐতিহ্য সপ্তাহৰ লগত সংগতি ৰাখি ঐতিহাসিক ক্ষেত্ৰৰ আলোকচিত্ৰ প্ৰদৰ্শন, ঐতিহ্য যাত্ৰাৰ আয়োজন কৰা হৈছে । মঙলবাৰৰ অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম চৰকাৰ প্ৰত্নতাত্ত্বিক বিষয়া দীপিৰেখা কুলিকে ধৰি বহুকেইজন প্ৰশাসনিক বিষয়া ।

সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা বিশ্ব ঐতিহ্য সপ্তাহৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে চিত্ৰাংকন প্ৰতিযোগিতা, ঐতিহ্য সংৰক্ষণ সজাগতা সভা, ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছে । আনহাতে, ঐতিহ্য সংৰক্ষণ সজাগতা সভা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ উপৰি ৰাজ্যখনৰ বিভিন্ন জিলাত অনুষ্ঠিত কৰা হৈছে ।

লগতে পঢ়ক :বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ সীমা নিৰ্ধাৰণ বাবে তৎপৰতা আৰম্ভ জিলা প্ৰশাসনৰ - Demarcation of Charaideo Maidam
লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীৰ 'মন কি বাত'ত চৰাইদেউ মৈদামৰ প্ৰসংগ - Mann Ki Baat

ABOUT THE AUTHOR

...view details