নগাঁও,১০ আগষ্ট:নগাঁৱৰ ড্ৰাগছ ঘাটি উৎখাতৰ লক্ষ্যৰে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ সময়ত ন ন কৌশলেৰে ড্ৰাগছৰ বেহাও চলাই গৈছে একাংশ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীয়ে । এইবাৰ ভূ-গৰ্ভৰ পৰাই যেন নিষিদ্ধ ড্ৰাগছৰ বেহা চলোৱাৰ কৌশল অৱলম্বন কৰিছে একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে ।
নগাঁও আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে মাটিৰ তলৰ পৰা ড্ৰাগছ বিক্ৰী কৰাৰ তথ্য । বিগত দুটা দিনত নগাঁৱত নিষিদ্ধ ড্ৰাগছসহ মুঠ ৯ জনকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ।
মাটিৰ তলত ড্ৰাগছ, নগদ ধন:
ড্ৰাগছ ব্যৱসায়ৰ এক তথ্য গোপন সূত্ৰে লাভ কৰি নগাঁও আৰক্ষীৰ এটা শুকুৰবাৰে বিয়লি অভিযান চলাই মাটিৰ তলৰ পৰাই ড্ৰাগছৰ লগতে নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় । নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থপ্ৰতীম চিংকন আৰু নগৰ শাখাৰ পৰিদৰ্শক উৎপল বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম ।
আৰক্ষীৰ দলটোৱে প্ৰথমে নগাঁৱৰ কাতিমাৰী পথাৰৰ পৰা আফাজ উদ্দিন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ পাছত আফাজ উদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ দলটোৱে হেৰাপতি অঞ্চলত অভিযান চলাই আন এগৰাকী অভিযুক্ত মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় । ধৃত মহিলাগৰাকীৰ ঘৰৰ পৰাই আৰক্ষীয়ে মাটি খান্দি নগদ তিনি লক্ষাধিক টকাৰ লগতে জব্দ কৰে নিষিদ্ধ ড্ৰাগছ । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক জেৰা চলোৱাৰ অন্তত শনিবাৰে দুয়োকে গ্ৰেপ্তাৰ কৰি নগাঁও আদালতত হাজিৰ কৰে ।
ধিঙত উৎখাত ড্ৰাগছৰ ঘাটি: