নগাঁও,২ অক্টোবৰ:সকলো শুভ মহালয়াৰ আনন্দ উল্লাসত ব্যস্ত থকাৰ সময়তে বুধবাৰে নগাঁৱত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । খোদ আৰক্ষী থানাৰ ভিতৰতেই এগৰাকী মহিলা আৰক্ষী মোবাইল চোৰৰ সমৰ্থকৰ আক্ৰমণৰ বলি হ'বলগীয়া হোৱা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁৱত । উত্থাপিত অভিযোগ অনুসৰি নগাঁৱৰ ডিমৰুগুৰি ই-কাৰ্টৰ কাৰ্যালয়ৰ পৰা চুৰি হৈছিল এটা মোবাইল ফোন ।
ডিমৰুগুৰি ই-কাৰ্টৰ কাৰ্যালয়ৰ চি চি টি ভি ফুটেজৰ ভিত্তিত নগাঁৱৰ ই-কাৰ্ট কৰ্তৃপক্ষই চিনাক্ত কৰিছিল মোবাইল চোৰটোক । সেই অনুসৰি বুধবাৰে নগাঁৱৰ ইটাচালী আৰক্ষীক ই-কাৰ্ট কাৰ্যালয়ৰ পৰা মোবাইল ফোন চুৰি কৰাৰ অভিযোগ সন্দৰ্ভত কৰ্তৃপক্ষই অৱগত কৰোৱাৰ পাছতেই আৰক্ষীৰ এটা দল উপস্থিত হৈ ই-কাৰ্টৰ চুৰিকাণ্ডৰ সৈতে জড়িত মানসজ্যোতি হাজৰিকাক আটক কৰে ।
কিন্তু ইটাচালী আৰক্ষীৰ দলটো উপস্থিত হৈ অভিযুক্ত মোবাইল চোৰ মানসজ্যোতি হাজৰিকাক আটক কৰাৰ পাছতেই অভিযুক্ত মোবাইল চোৰৰ একাংশ সমৰ্থক আৰক্ষী চকীত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । অভিযুক্ত মোবাইল চোৰক মোকলাই দিবলৈ আৰক্ষীক একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে অভিযুক্ত মোবাইল চোৰৰ সমৰ্থনত আৰক্ষী থানালৈ অহা তিনিগৰাকী মহিলাৰ বিৰুদ্ধে ।