হাফলং,২৬ মাৰ্চ:হোলীৰ আনন্দ-উল্লাসৰ মাজতে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত অঘটন । সোমবাৰে অৰ্খাৎ হোলীৰ দিনা বিয়লিৰ ভাগত হাফলং আৰক্ষী থানাৰ অন্তৰ্গত নিম্ন হাফলঙত সোপাধৰা সন্দেহত এগৰাকী মহিলাৰ ওপৰত প্ৰাণঘাটি আক্ৰমণ । উত্তেজিত ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী ।
জানিব পৰা মতে সোমবাৰে বিয়লিৰ ভাগত নেপালৰ পৰা নিজৰ মাতৃগৃহলৈ অহা এগৰাকী মহিলাই এটি শিশুক মৰমতে দোকানৰ পৰা চকলেট কিনি দিয়াৰ উপৰি ১০০ টকা দিছিল । তেতিয়াই এই শিশুৰ পিতৃ উপস্থিত হৈ তেওঁৰ পুত্ৰক সোপাধৰাই নিবলৈ ধৰা বুলি চিঞৰ-বাখৰ কৰাত অঞ্চলটোৰ ৰাইজ গোট খাই মহিলাগৰাকীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । ৰাইজৰ প্ৰহাৰত মহিলাগৰাকী গুৰুতৰভাৱ আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে অচেতন হৈ পৰে ।
ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰৰ চেষ্টা চলোৱাত উত্তেজিত ৰাইজে আৰক্ষীৰ বাহনতো আক্ৰমণ চলাই আৰক্ষীৰ বাহনৰ ক্ষতিসাধন কৰে । ৰাইজৰ আক্ৰমণত এছ আই লক্ষ্মীধৰ শইকীয়াৰ লগতে বহু কেইজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয় । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি গুৰুতৰভাৱে আহত মহিলাগৰাকীক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।
আনহাতে উত্তেজিত ৰাইজৰ আক্ৰমণত আহত আৰক্ষী জোৱানজনক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিবলৈ দিয়ে হাফলং আৰক্ষীয়ে । ইফালে এই ঘটনাৰ লগত জড়িত ৭ জন লোকক আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰে । হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলে জানিবলৈ দিয়ে যে কিছুদিন পূৰ্বে মহিলাগৰাকী নেপালৰ পৰা তেওঁৰ মাতৃৰ গৃহলৈ আহিছিল । সোমবাৰে মহিলাগৰাকী সম্বন্ধীয়ৰ ঘৰলৈ ওলাই অহাৰ সময়তে এটি শিশুক দেখি তেওঁ শিশুটিক চকলেট কিনি দিয়ে আৰু ১০০ টকা দিয়ে ।