মৰাণ :ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে । শাসক দল বিজেপিয়ে মণ্ডল,জিলা আৰু ৰাজ্যিক পৰ্যায়লৈ নেতৃত্ব সালসলনি কৰি সাজু হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ লগে লগে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা বলৱৎ হ'ব বুলি ঘোষণা কৰা পাছতেই কংগ্ৰেছৰ লগতে আন ৰাজনৈতিক দলে সাংগঠনিক কাম-কাজ আৰম্ভ কৰিছে ।
পঞ্চায়ত নিৰ্বাচন আৰু '২৬ ৰ বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে কংগ্ৰেছে আৰম্ভ কৰিছে 'চোতালে চোতালে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী । দলীয় কৰ্মীৰ মনৰ কথা বুজ ল'বলৈ উজনিত দলীয় কৰ্মীৰ চোতালে চোতালে ঘূৰিছে কংগ্ৰেছ সভাপতি ভূপেন বৰা । বুধবাৰে দুলীয়াজানত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত অনুষ্ঠিত হ'ল চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী ।
আজি প্ৰতিকূল বতৰকো নেওচি ৯০ নং দুলীয়াজান বিধানসভা সমষ্টিৰ টিপলিঙত চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীৰ জড়িয়তে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন সন্দৰ্ভত দলীয় কাৰ্যকৰ্তাক সম্বোধন কৰি দলটোৰ হৈ অধিক শক্তিশালী ৰূপত কাম কৰি যাবৰ বাবে আহ্বান জনাই ভূপেন বৰাই । তেওঁ দলীয় কৰ্মীৰ পৰা দলটো শক্তিশালী কৰা সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰে ।
ৰাইজৰ কথা শুনিবলৈ চেষ্টা কৰিছে কংগ্ৰেছে: