মাজুলী, ১৪ ছেপ্টেম্বৰ:মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ সপোন আছিল যোৰহাট-মাজুলী সংযোগী এখন দলং হওক । কিয়নো মাজুলীৰ দক্ষিণ পাৰৰ লগত সংযোগৰ একমাত্ৰ সম্বল আছিল ফেৰী কেইখন । যাৰ ফলশ্ৰুতিত মাজুলীৰ দুই লক্ষ জনসাধাৰনে যোৰহাট-মাজুলী সংযোগী এখন দলংৰ দাবী কৰি আহিছিল । মাজুলীবাসীৰ এই সপোনক বাস্তৱ ৰূপ দিবলৈ ২০২১ চনৰ ২৯ নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীবাসীৰ সপোনৰ দলংখনৰ খুঁটাৰ কামৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল ।
এই দলংখনৰ ঠিকা লাভ কৰিছিল ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচনে । ৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই দলঙখনৰ দৈঘ্য ৮ কিলোমিটাৰ । দলঙখনৰ মুঠ খুঁটাৰ সংখ্যা ৭১ টা । ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেচনৰ পৰা এই দলংখনৰ নিৰ্মাণৰ কাম উপ ঠিকা হিচাপে লৈ ব্ৰদী ৰায় এণ্ড কোম্পানীয়ে দলঙৰ কাম কৰি আছিল । কিন্তু যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কন্দলৰ বাবে যোৱা ৬ ছেপ্টেম্বৰ তাৰিখৰ পৰা বন্ধ হৈ আছে মাজুলী যোৰহাট সংযোগী দলঙৰ কাম ।
জানিব পৰা মতে, ইউ পি ষ্ট্ৰেট ব্ৰীজ কৰ্প'ৰেচন আৰু বি আৰ চি কোম্পানীৰ মাজত চলিছে অন্তঃকন্দল । আৰ্থিক বিষয়ক লৈ দুয়োটা কোম্পানীৰ মাজত চলিছে সংঘাত আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ এনে খাম-খেয়ালিৰ ফলতে বন্ধ হৈ পৰিছে নিৰ্মাণ কাৰ্য । দলং নিৰ্মাণস্থলীত এতিয়া বিৰাজ কৰিছে নিমাওমাও পৰিৱেশ ।
ইতিমধ্যে যন্ত্ৰাংশ, জেনেৰেটৰ আৰু নিৰ্মাণৰ সা-সামগ্ৰী লৈ উধাও হৈছে বি আৰ চি কোম্পানী । ৭১ টা খুঁটাৰ বিপৰীতে এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল ২২ খুঁটাৰ । সম্পূৰ্ণ ধন বিনিয়োগ কৰা বি আৰ চি কোম্পানীয়ে নিজৰ যন্ত্ৰাংশ, বয়-বস্তু আৰু শ্ৰমিক লৈ গৈছে নিৰ্মাণথলীৰ পৰা । দলং নিৰ্মাণৰ কাম বন্ধ হোৱাৰ লগে লগেই জাঙুৰ খাই উঠিছে মাজুলীৰ দল-সংগঠনৰ লগতে স্থানীয় লোক ।