গুৱাহাটী :কোন হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি ? আজি (বৃহস্পতিবাৰ) সন্ধিয়া ইয়াৰ কিছু আভাস পোৱা যাব যদিও ছবিখন স্পষ্ট হ'ব শুকুৰবাৰে দিনৰ ১১ বজাত । লক্ষণীয় বিষয় যে এজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিলে তেওঁৱেই হ'ব পৰৱৰ্তী নতুন সভাপতি । কিন্তু একাধিক মনোনয়ন দাখিল হ'লে কাইলৈ দিনৰ ১১ বজাত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নতুন সভাপতিৰ নাম ঘোষণা কৰা হ'ব । সেয়ে আজি সন্ধিয়াৰ ভিতৰত কোনে কোনে মনোনয়ন দাখিল কৰে সেয়া লক্ষণীয় হ'ব ।
উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ এক সুত্ৰই সদৰী কৰা মতে, পৰৱৰ্তী সভাপতি পদৰ দৌৰত আছে বৰ্তমানৰ সভাপতি ভৱেশ কলিতা । ভৱেশ কলিতাৰ লগতে সভাপতিৰ দৌৰত আছে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু প্ৰাক্তন সাংসদ তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস । সেয়ে নিৰ্বাচন অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত ।
ইতিমধ্যে বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, ১৭ জানুৱাৰীত ৰাজ্যিক সভাপতি নিৰ্বাচনৰ অসমৰ পৰ্যবেক্ষক হিচাপে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত হ’ব ।
বৰ্তমান বিজেপিৰ ৰাজ্যিক সভাপতিকলৈ বাজপেয়ী ভৱনত ব্যাপক চৰ্চা চলিছে । কাৰ নেতৃত্বত আগন্তুক পঞ্চায়ত নিৰ্বাচনকে ধৰি ২০২৬ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, কাৰ কান্ধত পৰিব এই গধূৰ দায়িত্ব - এই বিষয়কলৈ এতিয়া ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত চলিছে ব্যাপক চৰ্চা ।
ৰাজ্যিক বিজেপিৰ নতুন সভাপতি নিযুক্তি দিয়াৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ বাবে আজি বাজপেয়ী ভৱনত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি এই বৈঠকত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল, ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ আৰু অসমৰ প্ৰভাৰী হৰিশ দ্বিৱেদী ।