মেষ ৰাশি :এই সপ্তাহটোত ইতিবাচক অগ্ৰগতি আৰু আগতীয়া সাফল্যৰ সুযোগ পাব ৷ পাৰদৰ্শিতা দেখুৱাব পাৰিব ৷ উৰ্ধতন বিষয়া আৰু সহকৰ্মী উভয়ৰে সমৰ্থন লাভ কৰিব, ফলত কৰ্মক্ষেত্ৰত উন্নত প্ৰদৰ্শন কৰিব পাৰিব । নিজৰ আৰ্থিক বিষয়ত মনোযোগ দিয়ক, কিয়নো অতিৰিক্ত ব্যয়ৰ ফলত আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে । সুস্বাস্থ্যৰ অধিকাৰী হ’ব ৷ ঘৰত পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক উন্নত হ’ব ৷ দাম্পত্য জীৱনটো সুখৰ ভৰা ৷
বৃষ ৰাশি : উদ্যোগৰ সৈতে জড়িত লোকসকলে বিনিয়োগৰ পৰা হঠাতে লাভ অৰ্জন কৰিব ৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভান্বিত হ’ব ৷ যিকোনো উদ্যোগ বা আঁচনিত ধন বিনিয়োগ কৰাৰ আগতে কোনো পেছাদাৰী বা বিশ্বাসযোগ্য বন্ধুৰ পৰা পৰামৰ্শ লওক ৷ খাদ্য আৰু ব্যায়ামৰ ৰুটিনকে ধৰি নিজৰ সুস্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক ৷ কোনো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ চিকিৎসকৰ পৰামৰ্শ লওক ৷ বিবাহযোগ্য প্ৰাৰ্থীৰ বাবে শুভ সপ্তাহ ৷ প্ৰেমত শুভ ৷ ভ্ৰমণৰ যোগ ৷ সপ্তাহটো আগবাঢ়ি যোৱাৰ লগে লগে বিদেশত কেৰিয়াৰ গঢ়া বা ব্যৱসায় কৰাসকলে সাফল্য লাভ কৰিব ৷ ধৰ্মীয় আৰু সামূহিক কাম-কাজৰ লগত জড়িত হৈ সমাজত অধিক সন্মান লাভ কৰিব ।
মিথুন ৰাশি :কামত চাহিদা বৃদ্ধি ৷ মানসিক চাপ বৃদ্ধি ৷ নিজৰ দায়িত্ব দক্ষতাৰে সম্পূৰ্ণ কৰক ৷ নিজৰ লক্ষ্যত উপনীত হোৱাৰ পৰা আপোনাক বিচলিত কৰিব বিচৰা লোকসকলৰ পৰা আঁতৰি থাকক । ব্যৱসায়ত যথেষ্ট লাভ অৰ্জন কৰাৰ সম্ভাৱনা ৷ সংগীৰ সৈতে সুন্দৰ সময় উপভোগ কৰক ৷ ঘৰুৱা পৰিৱেশ উন্নত ৷ ধৈৰ্য, অনুশাসন আৰু ইতিবাচক মনোভাৱ বজাই ৰাখক ৷
কর্কট ৰাশি :এই ৰাশিৰ জাতক/জাতিকাসকলে সপ্তাহটোত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ৷ বিশেষকৈ ঘৰুৱা আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ’ব পাৰে । সম্পত্তিৰ সন্দৰ্ভতো বিবাদ হ’ব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক ৷ প্ৰেমত শুভ ৷ সপ্তাহৰ শেষৰ ফাললৈ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়খ ৷ ঋতুকালীন পৰিৱৰ্তন বা স্বাস্থ্যজনিত সমস্যা হোৱাৰ সম্ভাৱনা আছে ৷
সিংহ ৰাশি :এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ প্ৰকল্পত অংশগ্ৰহণ কৰাৰ সুযোগ পাব । এগৰাকী অভিজ্ঞ বিশেষজ্ঞৰ পৰা সহযেগিতা লাভ কৰিব, যিয়ে আপোনাৰ বাকী থকা কামবোৰ সমাধান কৰাত সহায় কৰিব ৷ পেছাগত উন্নতিৰ বাবে লাভজনক ৷ প্ৰেমত শুভ ৷ ধৰ্মীয় স্থানলৈ ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা ৷ আধ্যাত্মিক আৰু মানসিক বিকাশৰ বাবে উত্তম সময় ৷ কেৰিয়াৰ, প্ৰেমৰ সম্পৰ্ক আৰু আৰ্থিক স্থিতিৰ অগ্ৰগতি ৷
কন্যা ৰাশি :প্ৰিয় ঠাইলৈ স্থানান্তৰিত হোৱাৰ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হ’ব৷ জীৱনৰ নতুন সুযোগৰ দুৱাৰ মুকলি হ’ব । বৰ্তমান চাকৰি কৰি থকা লোকসকলে অভাৱনীয়ভাৱে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে, যিয়ে আপোনাৰ কেৰিয়াৰক আগবঢ়াই নিব পাৰে ৷ আয় বৃদ্ধি, সামগ্ৰিক ধন-সম্পত্তি বৃদ্ধি । বিদেশত কাম কৰা লোকসকলে আশানুৰূপ লাভ অৰ্জন কৰিব ৷ প্ৰেমত সফল ৷ সৰু-সুৰা স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে ৷ পৰীক্ষা আৰু প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুৱাবলৈ শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব লাগিব ৷ সকলো কাম ভাবি-চিন্তি কৰক, ই ব্যক্তিগত শ্ৰীবৃদ্ধি আৰু সফলতাত অৰিহণা যোগাব ।