মেষ ৰাশি : সপ্তাহটো শুভ ৷ চাকৰিয়াল তথা কৰ্ম স্থান পৰিৱৰ্তন কৰিব বিচৰা লোকসকলৰ বাবে এই সপ্তাহটো ভাল বুলি ক’ব নোৱাৰি । অৱশ্যে, এই সপ্তাহটো চাকৰি বা ব্যৱসায় বিস্তাৰৰ সৈতে জড়িত বিষয়সমূহৰ বাবে অনুকূল । ৰোমাণ্টিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰোতে অহংভাৱ অনুভৱ হ’ব । হঠাৎ উঠা খঙেও সম্পৰ্ক নষ্ট কৰিব পাৰে । যদি মাটি-বাৰী (ৰিয়েল এষ্টেট)ৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ কাম হাতত লোৱাৰ কথা ভাবিছে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লওক । যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাসকলৰ বাবে এই সপ্তাহটো সৌভাগ্যপূৰ্ণ হ’ব । স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটো উত্তম ৷
বৃষ ৰাশি : সপ্তাহটো অনুকূল ৷ স্বাস্থ্যৰ দিশৰ পৰাও অনুকূল ৷ মানসিক চাপৰ পৰা উপশম লাভ ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । যদি চাকৰিয়াল লোকসকলে চাকৰি সলনি কৰিব বিচাৰে, তেন্তে এই সপ্তাহটো ইয়াৰ বাবে উপযোগী নহয় । ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি কিছু সমস্যাপূৰ্ণ হ’ব । এই সপ্তাহত ডিজাইনৰ কাম, আচবাব বা শিক্ষাত নিজৰ ধন ব্যৱহাৰ কৰিব পাৰে । ৰোমান্টিক সম্পৰ্কৰ কথা ক’বলৈ গ’লে, ভুল বুজাবুজিৰ ফলত সংগীৰ বিচ্ছেদ হ’ব পাৰে । দাম্পত্য সম্পৰ্ক ইতিবাচক হ’ব । জীৱন সংগীৰ সৈতে ভাল সময় কটাব ।
মিথুন ৰাশি :সপ্তাহটো অনুকূল হ’ব । যদি কিছুদিনৰ পৰা চাকৰি পৰিৱৰ্তন কৰাৰ কথা ভাবিছে, তেন্তে এই সপ্তাহটো চাকৰি পৰিৱৰ্তনৰ দিশত প্ৰথম পদক্ষেপ ল’ব পাৰিব ৷ অৰ্হতাৰ ভিত্তিত সুযোগ লাভ ৷ ব্যৱসায়ত জড়িতসকলৰ বাবেও এই সপ্তাহটো সমৃদ্ধিশালী হ’ব । স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত । অন্যথা ডিঙিৰ সমস্যা, চৰ্দি বা কাহত ভুগিব পাৰে । এই সপ্তাহত নতুন গাড়ী কিনাৰো সম্ভাৱনা আছে । প্ৰেম আৰু সম্পৰ্কৰ কথা ক’বলৈ গ’লে, তৃতীয় পক্ষৰ হস্তক্ষেপে আপোনালোকৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে ।
কর্কট ৰাশি : সপ্তাহটো অনুকূল ৷ চাকৰিয়াল লোকসকলক কোনো নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ পাব ৷ অত্যধিক কষ্ট কৰিলে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে । ব্যৱসায়ত নতুন বিষয় সংযোগ কৰিব পাৰে ৷ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ বাবে সময় অনুকূল নহয় । যিকোনো ধৰণৰ ঋণৰ ক্ষেত্ৰত সতৰ্ক হওক । ৰোমান্টিক সম্পৰ্ক মধুৰ হ’ব ৷ দীৰ্ঘদিনীয়া কোনো সমস্যাৰ ফলত দাম্পত্য সম্পৰ্কৰ অৱনতি ঘটিব পাৰে । স্বাস্থ্যৰ দিশৰ পৰা সুস্বাস্থ্য বজাই ৰাখিবলৈ যোগাসন আৰু ধ্যান কৰক ৷ লগতে দৈনন্দিন সময়সূচীৰ পৰিৱৰ্তন কৰক ৷
সিংহ ৰাশি : সপ্তাহটো অনুকূল ৷ চাকৰিয়াল লোকসকলে কঠিন পৰিশ্ৰম কৰিবলগীয়া হ’ব পাৰে । বিষয়ববীয়াসকলৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিবলৈ নিজৰ আচৰণৰ প্ৰতি গুৰুত্ব দিব লাগিব । উদ্যোগীসকলে এই সপ্তাহত নতুন মিত্ৰতা গঠন কৰিব পাৰে, কিন্তু মনত ৰাখিব যে অংশীদাৰিত্বৰ নথি-পত্ৰ চম্ভালি ৰাখিবলৈ একাগ্ৰতাৰ প্ৰয়োজন । স্বাস্থ্যৰ কথা ক’বলৈ গ’লে, এই সপ্তাহত মূৰ আৰু পেট সম্পৰ্কীয় কিছু সমস্যাই আমনি কৰিব পাৰে । বিশষেকৈ বাহিৰত খাদ্য বা পানী সেৱন কৰাৰ পৰা বিৰত থাকক । এই সপ্তাহত নিজৰ চখ আৰু পৰিতৃপ্তিৰ বাবে অধিক ব্যয় কৰিব পাৰে । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত, এই সপ্তাহত আপুনি সন্দেহপ্ৰৱণ হ’ব পাৰে ৷ ফলত সম্পৰ্কত ফাট মেলিব পাৰে । দাম্পত্য সম্পৰ্কৰ ক্ষেত্ৰত জীৱন সংগীৰ সৈতে মিলাপ্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰক; নহ’লে মানসিক চাপৰ সৃষ্টি হ’ব পাৰে ৷
কন্যা ৰাশি : সপ্তাহটো অনুকূল ৷ চাকৰিয়াল লোকসকলৰ বাবে কষ্ট আৰু কঠিন পৰিশ্ৰমেৰে ভৰা সপ্তাহ হ’ব । এই সপ্তাহত ব্যৱসায়ীসকল অতিশয় উৎসাহিত হ’ব । নতুন চুক্তি কৰি লাভ কৰিব পাৰে । শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে লাভজনক হ’ব । স্কুল বা কলেজ সলনি কৰিব বিচৰা যুৱক-যুৱতীসকলে এই সপ্তাহত উপকৃত হ’ব । ৰোমান্টিক সম্পৰ্কৰ কথা ক’বলৈ গ’লে, এই সপ্তাহত পুৰণি সংগীক পুনৰ লগ পাব পাৰে ।
তুলা ৰাশি : সপ্তাহটো অনুকূল ৷ এই সময়ছোৱাত স্বাস্থ্য স্বাভাৱিক হৈ থাকিব ৷ খোৱা-বোৱাৰ প্ৰতি গুৰুত্ব দিলে পেট সম্পৰ্কীয় সমস্যাৰ পৰা হাত সাৰিব পাৰিব । ব্যৱসায়ীসকলে এই সপ্তাহত আকাংক্ষিত যোগাযোগ লাভ কৰিব পাৰে । চাকৰিয়াল লোকসকলৰ বাবে ভাল হ’ব । অৱশ্যে আপুনি যদি চাকৰি সলনি কৰিব বিচাৰিছে, তেন্তে এয়া সঠিক সময় নহয় । ব্যয় অধিক হ’ব, তথাপিও আৰ্থিক স্থিতি উন্নত হৈ থাকিব ৷ সম্পত্তি ক্ৰয়ৰ বাবে ঋণ ল’ব বিচাৰে, তেন্তে এই সপ্তাহত সফল হ’ব । দাম্পত্য সম্পৰ্কৰ কথা ক’বলৈ গ’লে, এই সপ্তাহত ধৈৰ্য ধৰিব লাগিব । কাৰণ এই সময়ত বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে । সংগীৰ পৰা কোনো কথা লুকুৱাই নাৰাখিব ৷ পঢ়া-শুনাৰ ক্ষেত্ৰত অৱহেলা নকৰিব । কঠিন পৰিশ্ৰম কৰিলেহে সাফল্য লাভ কৰিব । যিসকলে পেছাদাৰী পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচাৰে, তেওঁলোকে এই সপ্তাহত সাফল্য লাভ কৰিব ।
বৃশ্চিক ৰাশি :এই সপ্তাহত স্বাস্থ্য ভালে থাকিব যদিও কিছু পুৰণি ৰোগৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে । ব্যৱসায়ৰ কথা ক’বলৈ গ’লে, এই সময়ছোৱাত নিজৰ ব্যৱসায় সন্দৰ্ভত যথেষ্ট উদ্যম আৰু উৎসাহ অনুভৱ কৰিব । যিসকলে চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেওঁলোকক তেনে নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ কিয়নো এই সপ্তাহত চাকৰিয়াল লোকসকলৰ মন অস্থিৰ হৈ থাকিব । অৱশ্যে, এই সপ্তাহত কাপোৰ-কানি, পঢ়া-শুনা আৰু ঘৰ সাজ-সজ্জাৰ বাবে প্ৰচুৰ ধন ব্যয় কৰিব পাৰে । নিজৰ মনোযোগ অন্যান্য কামত কেন্দ্ৰীভূত কৰিব পাৰে । প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে এই সপ্তাহত যথেষ্ট কষ্ট কৰিব লাগিব । এই সপ্তাহত ব্যক্তিগত জীৱনত ধৈৰ্যৰ প্ৰয়োজন হ’ব । যদি এনে নকৰে তেন্তে সংগীৰ সৈতে মতানৈক্য হ’ব পাৰে । বৈবাহিক জীৱনত তৃতীয় পক্ষৰ বাবে সম্পৰ্ক বিনষ্ট হ’ব পাৰে ।
ধনু ৰাশি :সপ্তাহটো অনুকূল ৷ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব । চাকৰি আৰু ব্যৱসায়ত ভাল পেছাদাৰী অগ্ৰগতি লাভ কৰিব । প্ৰসাধন সামগ্ৰী বিক্ৰী কৰা লোকসকলে এই সপ্তাহত ভাল উপাৰ্জন কৰিব পাৰিব । চাকৰিয়াল লোকসকলৰ বাবে চাকৰি সলনি কৰিবৰ বাবে এয়া উপযুক্ত সময় নহয়, গতিকে নিজৰ সুস্থিৰতা বজাই ৰাখক । এই সপ্তাহত যুৱক-যুৱতীসকল পঢ়া-শুনা কৰাৰ ক্ষেত্ৰত কমকৈ অনুপ্ৰাণিত হ’ব । কোনো বিবাদত জড়িত হৈ পৰিব পাৰে ৷ নতুন পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচাৰে, তেন্তে কিছু বিভ্ৰান্তি হ’ব পাৰে । মাটি-বাৰী (ৰিয়েল এষ্টেট) ক্ৰয়ৰ বাবে অতি উত্তম সময় হ’ব । শ্বেয়াৰত অংশগ্ৰহণৰ বাবে এয়া ভাল সময় নহয় ।
মকৰ ৰাশি :সপ্তাহটো অনুকূল৷ চাকৰিয়াল লোকসকলৰ বাবে এই সপ্তাহটো আশা কৰা ধৰণে ভাল নহ’ব । যদি চাকৰি সলনি কৰিব বিচাৰিছে, তেন্তে সেয়া কৰাৰ সিদ্ধান্ত কিছুদিনৰ বাবে পিছুৱাই দিয়ক । বৰঞ্চ য'ত আছে তাতেই কাম কৰি থাকক ৷ ব্যৱসায়ীসকলৰ বাবে এই সময় কিছু কঠিন হ’ব । মাইগ্ৰেইন সম্পৰ্কীয় সমস্যাত ভুগি থকা লোকসকলে এই সপ্তাহত বিশেষভাৱে সাৱধান হোৱা উচিত ৷ এই সপ্তাহটো আৰ্থিকভাৱে ব্যয়বহুল হ’ব । নিজৰ ধন ঘৰুৱা আচবাব-পত্ৰ কিনাত ব্যৱহাৰ কৰিব পাৰে । ৰোমান্টিক সম্পৰ্কৰ কথা ক’বলৈ, নিজৰ সংগীৰ সৈতে কিছু ক্ষেত্ৰত অসন্তুষ্টি অনুভৱ কৰিব পাৰে । অৱশ্যে বিবাহিত লোকসকল লাভান্বিত হ’ব ।
কুম্ভ ৰাশি : সপ্তাহটো শুভ ৷ যদি নিজৰ কামত অসন্তুষ্ট আৰু সেইটো পৰিৱৰ্তন কৰিব বিচাৰে, তেন্তে এই দিশত আগবাঢ়িব পাৰে । যদি মাটি-বাৰী (ৰিয়েল এষ্টেট)ত বিনিয়োগ কৰিব বিচাৰে, তেন্তে তেনে কৰাৰ আগতে এগৰাকী উপদেষ্টাৰ পৰামৰ্শ লোৱা উচিত । স্বাস্থ্য ভালে থাকিব ৷ কিন্তু যদি অসাৱধান হয়, তেন্তে স্নায়ু সম্পৰ্কীয় কোনো দীৰ্ঘস্থায়ী ৰোগত ভুগিব পাৰে ৷ সেয়ে নিজৰ দৈনন্দিন সময়সূচীত যোগাসন আৰু ধ্যান অন্তৰ্ভুক্ত কৰা উচিত । ৰোমান্টিক সম্পৰ্কৰ কথা ক’বলৈ গ’লে, এই সপ্তাহত নিজৰ সংগীৰ সৈতে যথেষ্ট সময় কটাব ৷ বৈবাহিক সম্পৰ্কৰ মাজলৈ আন কাকো সোমাবলৈ নিদিব ৷ কাৰণ ইয়াৰ ফলত উৎকণ্ঠাৰ সৃষ্টি হ’ব পাৰে ।
মীন ৰাশি : সপ্তাহটো শুভ ৷ যদি নিজৰ চাকৰি পৰিৱৰ্তন কৰিব বিচাৰিছে, তেন্তে সেয়া এইখিনি সময় ভাল হ’ব । ব্যৱসায় কৰা লোকসকলে নিজৰ ব্যৱসায় সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ল’ব । স্বাস্থ্য আগতকৈ ভাল হ’ব । কিন্তু স্বাস্থ্য বজাই ৰাখিবলৈ নিয়মিতভাৱে যোগাসন কৰি থকা উচিত । এই সপ্তাহত নিজৰ ধন সম্পত্তি ক্ৰয় কৰাত ব্যয় কৰিব পাৰিব । শিক্ষাৰ কথা ক’বলৈ গ’লে, এই সময়ত আপোনাৰ মন পঢ়া-শুনাত কেন্দ্ৰীভূত হ’ব । অৱশ্যে, প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে সাফল্য লাভ কৰিব পাৰে । প্ৰেমত শুভ ৷ বৈবাহিক জীৱনতো সুখ বিৰাজ কৰিব । জীৱন সংগীৰ সৈতে ক’ৰবালৈ ফুৰিবলৈ যাব পাৰে ।