অসম

assam

ETV Bharat / state

শাওণৰ পথাৰত কঁঠীয়া তোলাত ব্যস্ত দৃষ্টিহীন পৱন বৰ্মন - Self Reliant Story - SELF RELIANT STORY

কলিয়াবৰত এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ কৰ্ম ব্যস্ততা । বাৰিষাৰ পথাৰত বিশেষভাৱে সক্ষম ব্যক্তিৰ চলিছে জীৱন সংগ্ৰাম । অচিন ৰোগত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুওৱা ব্যক্তিজন এতিয়া ব্যস্ত কঁঠীয়া তোলাত ।

Visually impaired Paban Barman is busy groaning in the fields in Kaliabor
শাওণৰ পথাৰত কঁঠীয়া তোলাত ব্যস্ত দৃষ্টিহীন পবন বৰ্মন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 3:18 PM IST

কলিয়াবৰ,১০ আগষ্ট: এতিয়া শাওণৰ বতৰ । পথাৰত কৃষিজীৱি ৰাইজৰ সীমাহীন ব্যস্ততা । ইয়াৰ মাজতে কলিয়াৰৰ এখন পথাৰত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য । এজন খেতিয়কে দৃষ্টি কাঢ়িছে সকলোৰে । সততে সৰু-সৰু কথাতে অভাৱ-অসন্তুষ্টি, অজুহাতৰ পোহাৰ মেলি নিজৰ অকৰ্মণ্যতা লুকুৱাৰ চেষ্টা কৰা ব্যক্তি-বিশেষৰ বিপৰীতে কলিয়াবৰৰ এইগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ কৰ্ম-সংস্কৃতিৰ নিৰ্দশন আপোনাৰ-মোৰ বাবে হৈ পৰিব পাৰে প্ৰেৰণা, সাহসৰ উৎস ।

শাওণৰ পথাৰত কঁঠীয়া তোলাত ব্যস্ত দৃষ্টিহীন পবন বৰ্মন (ETV Bharat Assam)

শাওণৰ বতৰত অসমত এতিয়া শালি ধানৰ কঁঠীয়া ৰোৱাত ব্যস্ত ৰোৱনী । কপালৰ ঘাম মাটিত পেলাই ভূঁই ৰোৱাৰ বাবে কঁঠীয়া তোলাৰ সময় এয়া । কলিয়াবৰৰ পথাৰতো দেখা গৈছে কৃষকৰ সীমাহীন ব্যস্ততা । সাধাৰণ কৃষকৰ লগতে কৃষি পথাৰত এগৰাকী বিশেষ ব্যক্তি । বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তিৰ এতিয়া ব্যস্ততাৰ সীমা নাই ।

নলতলী গাঁৱৰ পৱন বৰ্মন নামৰ চকুৰে নেদেখা লোকজনেও কঁঠীয়া তুলিছে, ৰুইছে ভূঁই । ২০১৫ চনত এক অচিন ৰোগত আক্ৰান্ত হৈ পৱন বৰ্মনে চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল দৃষ্টি শক্তি । চকুৰে নেদেখিলেও পথাৰত কঁঠীয়া তোল, ভূঁই ৰোৱা , সৰিয়হ তোলা আদি কাম কৰি পৰিয়াল পোহপাল দি আহিছে বিশেষভাবে সক্ষম লোকজনে ।

কোনো ধৰণৰ চৰকাৰী সাহাৰ্য লাভ নকৰা বিশেষভাৱে সক্ষম পৱন বৰ্মনে জীৱন-যুঁজ চলাই গৈছে দিন হাজিৰা কৰি । এতিয়া কঁঠীয়া তুলি কোনোমতে পেটৰ ভাতমুঠি যোগাৰ কৰিছে যুৱকজনে । অনাগত দিনত চৰকাৰ বা কোনো সুহৃদবানে পৱন বৰ্মনৰ জীৱন-জীৱিকা লাভৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবনে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক:দিব্যাংগৰ সহায়ৰ বাবে 'মিছন থট্‌ফুল তিনিচুকীয়া ' আৰম্ভ - Mission Thoughtful Tinsukia

শান্তিস্বৰূপ ভাটনাগৰ বঁটাৰ বাবে নিৰ্বাচিত লখিমপুৰৰ সন্তান ড৹ পূৰবী শইকীয়া - SHANTI SWARUP BHATNAGAR PRIZE 2024

ABOUT THE AUTHOR

...view details