যোৰহাট, ৭ মে':যোৰহাটত সোমবাৰে সংঘটিত এটা এনকাউন্টাৰৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছিল কুশ কুটুম নামৰ এটা চোৰ । আৰক্ষীৰ গুলীয়ে হাওঁফাওঁ ভেদিছিল কুটুমৰ । লগে লগে তেওঁক ভৰ্তি কৰোৱা হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত । কিন্তু কুশ কুটুমৰ স্বাস্থ্যৰ অৱস্থা উন্নত নোহোৱাত তেওঁক সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
কুশ কুটুমক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পিচতেই নিশালৈ তেওঁৰ পৰিয়ালৰ লোকে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত উত্তেজনাৰ সৃষ্টি কৰে । ইচ্ছাকৃতভাৱে আৰক্ষীয়ে কুশ কুটুমক গুলীওৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আৰক্ষী নিয়োগ কৰিবলগীয়া হয় ।
কুশ কুটুমক ডিব্ৰুগড়লৈ নিয়াৰ সময়ত তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে আৰক্ষীৰ হতাহতি হোৱাৰো অভিযোগ উঠিছে । কুশ কুটুমৰ এনকাউন্টাৰৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে পৰিয়ালে । কুটুমৰ পৰিয়ালৰ এগৰাকী সদস্যই সংবাদ মাধ্যমক জনোৱা মতে, ঘৰৰ ভিতৰত কুশ কুটুমক দেখাৰ লগে লগে আৰক্ষীয়ে গুলীচালনা কৰে ।
কিন্তু কুটুমে পলায়ন কৰাত পথাৰত শূন্যলৈ দুজাঁই গুলী চলোৱাৰ লগতে কুটুমলৈও গুলী নিক্ষেপ কৰে । গুলীবিদ্ধ হোৱাৰ পিচতো কুশ কুটুমক আৰক্ষীয়ে গুৰিয়াই-লঠিয়াই লৈ যোৱা বুলি আন এগৰাকী ব্যক্তিয়ে অভিযোগ তুলিছে । কুটুমক কিয় গুলীয়ালে বুলি প্ৰশ্ন কৰাত দণ্ডাধীশৰ নিৰ্দেশত গুলী চলোৱা বুলি আৰক্ষীয়ে পৰিয়ালৰ লোকক উত্তৰ দিয়া বুলিও তেওঁলোকে সংবাদ মাধ্যমক জনাইছে ।