গুৱাহাটী:মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ ২১ সংখ্যক অধিৱেশনত দেওবাৰে উপস্থিত থাকে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় ৷ কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশনত অংশ লোৱাৰ উদ্দেশ্যে এদিনীয়া ভ্ৰমণসূচীৰে পত্নীসহ আজি অসমত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতিগৰাকী ।
অসমত উপস্থিত হোৱাৰ পাছতে প্ৰথমে বিমান বন্দৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উষ্ম আদৰণি জনায় উপ-ৰাষ্ট্ৰপতি ধনখড়ক ।
তাৰ পাছত পোনে পোনে খানাপাৰাৰ অধিৱেশনত স্থলীত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতিগৰাকী । কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ এই অধিবেশনত উপস্থিত থাকি অভিভূত হৈ পৰে উপ-ৰাষ্ট্ৰপতিগৰাকী । তেওঁ ভাষণৰ প্ৰসংগত কয়, ‘‘উত্তৰ-পূৰ্বাঞ্চল এতিয়া আমাৰ ৰাষ্ট্ৰীয় কাহিনীৰ কেন্দ্ৰবিন্দু ৷ আমি পূৰ্বোদয়ৰ এটা পৰ্যায় দেখিছোঁ, যিটো কেতিয়াও কল্পনা কৰা হোৱা নাছিল ৷ আনকি এই দেশৰ মানুহেও সেয়া কল্পনা কৰিব পৰা নাছিল । সেয়া উত্তৰ-পূবতেই হৈছে ।’’
‘‘উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱৰ্তন হৈছে ভাৰতৰ প্ৰগতিক চালিত কৰা অন্তৰ্ভুক্তিৰ মনোভাৱৰ এক প্ৰমাণ । কেইবা দশক ধৰি এই অঞ্চলটোৱে উন্নয়ন আৰু সংযোগ সম্পৰ্কীয় প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, কিন্তু আজি ইয়াত সেয়া এক প্ৰকৃত অগ্ৰাধিকাৰ হৈ পৰিছে,’’ তেওঁ লগতে কয় ৷
উপ-ৰাষ্ট্ৰপতি ধনখড়ে আৰু কয়, ‘‘আমাৰ দেশৰ পৰিৱৰ্তন প্ৰণালীৰ অংশ হিচাপে আপোনালোকক সহায় কৰিব পৰাকৈ তিনিটা নীতি আছে : আধ্যাত্মিকতাৰ পৰা নিজকে আঁতৰাই নাৰাখিব । কৃষ্ণগুৰুজীয়ে আধ্যাত্মিকতাৰ পথ শিকাইছে, আৰু এই পথৰ পৰা আঁতৰি যোৱাটো ভুল হ'ব । এই পথৰ লগতে জাতীয়তাবাদ, আধুনিকতা আৰু প্ৰযুক্তিগত বিকাশৰ কথাও মনত ৰাখিব । যেতিয়া এই তিনিওটা একত্ৰিত হয়, ইয়াত উল্লেখ কৰা অনুসৰি, আৰু বহু বছৰ আগতে লিপিবদ্ধ কৰা অনুসৰি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অৰ্থনৈতিক শক্তি ‘বিশ্বগুৰু’ হোৱাৰ স্থিতি বাস্তৱ হৈ পৰি ৷ কোনেও ইয়াক বন্ধ কৰিব নোৱাৰিব ৷ এই দায়িত্ব আপোনালোকৰ কান্ধত আছে ।’’
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আধ্যাত্মিকতাৰ অন্তৰ্নিহিত গুণবোৰৰ বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰে আৰু সম্প্ৰীতি তথা ন্যায়ক প্ৰতিষ্ঠা কৰা মূল্যবোধৰ প্ৰচাৰৰ বাবে আহ্বান জনায় । তেওঁ ভাষণৰ প্ৰসংগত কয়, ‘‘মনত ৰাখিব, আধ্যাত্মিকতাৰ কিছুমান অৰ্নিহিত গুণ আছে: প্ৰেম, সহানুভূতি, ধৈৰ্য, সহনশীলতা, ক্ষমা আৰু দায়িত্ববোধ । আমি এই মূল্যবোধবোৰক প্ৰচাৰ কৰাৰ লগে লগে এক শান্তিপূৰ্ণ আৰু ন্যায়সংগত পৃথিৱীৰ বাবে বীজ ৰোপণ ককৰিব পাৰো ।’’