তেজপুৰ :আজি মাঘ বিহুৰ উৰুকা । পুহ মাহৰ ২৮ তাৰিখ দিনটোত অসমীয়া লোকপৰম্পৰা ৰক্ষা কৰি সকলোৱে একেলগে ভোজ-ভাত খায় । বছৰৰ খেতি চপাই কৃষিজীৱী ৰাইজে সোণগুটি ভঁৰালত থৈ লগে-ভাগে চুবুৰীয়াৰ লগত স্ফূৰ্তিত এসাঁজ খোৱাৰ কৃষিজীৱী ৰাইজৰ অতীতৰ পৰম্পৰা ।
পুহ মাহৰ শেষৰ দিনটো অৰ্থাৎ ২৯ তাৰিখে দোমাহীৰ দিনা মাঘৰ সংক্ৰান্তি আৰু মাঘ বিহুৰ মেজি জ্বলাই মাঘ বিহু উদযাপন কৰা হয় । অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকে পৰম্পৰা ৰক্ষা কৰি এই মাঘ বিহু উদযাপন কৰি আহিছে ।
শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইতো এই মাঘ বিহুৰ উৰুকাৰ বাবে বিভিন্ন মেজি সাজি একেলগে এসাঁজ খাবলৈ ৰাইজে যোগাৰ কৰিছে মাছ, মাংস, হাঁহ, কুকুৰা ইত্যাদি । বহু ঠাইত উৰুকাৰ আগদিনা লগে-ভাগে এসাঁজ খোৱাৰ পৰম্পৰাও আছে । তেনেদৰে তেজপুৰ ঘৰপৰা চুবুৰীয়া ৰাইজে উৰুকাৰ দিনা দিনৰ ভাগতে এনেদৰে সম্প্ৰীতিৰ এসাঁজ একেলগে উপভোগ কৰে ।
মাছধৰা উৎসৱ
তেজপুৰৰ গেৰেকী বিলত সমূহীয়া মৎস্য চিকাৰ ৷ উৰুকাৰ আগদিনা প্ৰতিবছৰে ৰাইজে একেলগে মাছধৰা পৰম্পৰা অতীজৰে পৰা চলি আহিছে ৷ পুৰুষ-মহিলা, ডেকা-বুঢ়া সকলোৱে পুৱাতেই মাছ মাৰিবলৈ ওলাই আহে ৷ কোনোবাই পায় কোনোবাই নাপায়, তথাপিও শীতৰ ঠেঁটুৱৈলগা জাৰত ওলাই আহে মৎস্য চিকাৰৰ বাবে ৷
উৰুকাৰ দিনা সমূহীয়াকৈ মৎস্য চিকাৰক এক উৎসৱ হিচাপে পালন কৰা হয় । আমাৰ সমাজত পূৰ্বে চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা দিনৰে পৰা আজিৰ এই কৃষিযুগলৈ উত্তৰণ ঘটিল যদিও সমূহীয়াভাৱে চিকাৰ কৰাৰ প্ৰথা একেবাৰে হেৰাই যোৱা নাই । সমূহীয়া চিকাৰৰ ঠাইত আধুনিক যুগ বা মধ্যযুগৰ শেষৰ ফালে মৎস্য চিকাৰ কৰাৰ পৰম্পৰা হ'ল । মাঘ বিহুৰ উৰুকাৰ দিনা স্থানীয় বিল, নদী, পুখুৰী, জলাশয়সমূহত একোখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছধৰাৰ প্ৰচলিত পৰম্পৰা আছে ।
অসমৰ বিভিন্ন জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছধৰা উৎসৱত অংশগ্ৰহণ কৰে । এই পৰম্পৰা অনুসৰি বিল, নদী, পুখুৰী আদিত মাছ মাৰি ৰাইজে সেই মাছেৰে উৰুকাৰ ভোজ খায় । পূৰ্বতে উৰুকাত ভেলাঘৰ বা মেজি সাজি জ্বলোৱা কামটো গৰখীয়াসকলে কৰিছিল বুলি বহুতো গ্ৰন্থত উল্লেখ আছে । নৃতাত্ত্বিক দিশৰ পৰা চাবলৈ গ'লে ই চিকাৰ যুগৰ পৰা কৃষিযুগৰ আৰম্ভণিৰ সমাজখনক সূচায়, যেতিয়া মানুহে জীৱ-জন্তুক পোহপাল দিছিল আৰু শস্য চপাই আনন্দ কৰিছিল । তাৰ শেষত এই ভোগৰ উৎসৱ উদযাপন কৰিছিল ।