অসম

assam

ETV Bharat / state

ভ্রাম্যমাণ পৰীক্ষাগাৰ প্ৰকৃতার্থত ভেঁকোভাওনা: ক্ষুদ্ৰ চাহ খেতিয়ক - Assam Tea Industry - ASSAM TEA INDUSTRY

Assam Tea Industry: উজনি অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়াত সংবাদমেল সম্বোধন । কেঁচাপাতত ৰাসায়নিক দ্রব্য পৰীক্ষাৰ বাবে মুকলি কৰা ভ্রাম্যমাণ পৰীক্ষাগাৰ প্ৰকৃতার্থত ভেঁকোভাওনা বুলি আখ্যা । ক্ষুদ্র চাহ খেতিয়কৰ স্বাৰ্থত চৰকাৰে দিয়া ভ্ৰাম্যমাণ পৰীক্ষাগাৰবোৰ সফলভাবে কার্যক্ষম কৰাৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰাৰ দাবী সন্থাৰ ।

Upper Assam Small Tea planters Association
উজনি অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ সংবাদমেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 8:29 PM IST

তিনিচুকীয়া,১ আগষ্ট:মন্ত্রী বিমল বড়াই ৩০ জুনত ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিবলৈ ছখন জিলাত কেঁচাপাতত ৰাসায়নিক দ্রব্য পৰীক্ষাৰ বাবে মুকলি কৰা ভ্রাম্যমাণ পৰীক্ষাগাৰ প্ৰকৃতার্থত ভেঁকোভাওনা বুলি অভিযোগ উত্থাপন কৰে উজনি অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাই । প্রকৃতার্থত ভ্রাম্যমাণ পৰীক্ষাগাৰ নামতহে আছে, কামত একেবাৰে শূণ্য বুলি অভিযোগ কৰে তেওঁলোকে ।

উজনি অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ সংবাদমেল (ETV Bharat Assam)

বটলিফ ফেক্টৰীলৈ কেঁচাপাত যোৱাৰ আগে আগে ৰাসায়নিক দ্ৰব্যৰ উপস্থিতি সম্পৰ্কীয় পৰীক্ষা কৰাৰ পাচত ক্ষুদ্র চাহ খেতিয়কসকলে উচিত মূল্য পাবলৈ সক্ষম হ'ব বুলি মন্ত্রীয়ে দিয়া আশ্বাস এতিয়া ফুটুকাৰ ফেন হোৱা বুলিও অভিযোগ কৰে সন্থাই ।

উজনি অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ সংবাদমেল:

তিনিচুকীয়া প্রেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত সন্থাৰ কেন্দ্রীয় সভাপতি দিগন্ত হাজৰিকাই স্পষ্টকৈ উল্লেখ কৰে,"চৰকাৰে ভ্রাম্যমাণ পৰীক্ষাগাৰ মুকলি কৰিলে যদিও আজিলৈকে কেঁচাপাত পৰীক্ষাৰ ব্যৱস্থা ক্ষুদ্র চাহ খেতিয়কৰ স্বাৰ্থত হৈ উঠা নাই । এনে কাৰ্যৰ আলম লৈ সম্প্রতি তিনিচুকীয়া চহৰৰ এজন ৰাজনৈতিক আশীর্বাদপুষ্ট মাৰোৱাৰী ব্যৱসায়ীয়ে অৰুণাচলৰ পৰা দৈনিক পাঁচশ কেজিৰপৰা লাখ কেজি পর্যন্ত কেঁচাপাত আনি ডিব্ৰুগড় জিলাৰ চাবুৱা, লাহোৱাল, ডিব্ৰুগড় আদিত থকা বটলিফ ফেক্টৰীত নির্বিঘ্নে যোগান ধৰি আছে । পৰীক্ষা নকৰাকৈ এনেদৰে ডিব্ৰুগড়ৰ বটলিফ ফেক্টৰীসমূহত যোগান ধৰা চাহ নিলামৰ সময়ত ৰাসায়নিক দ্রব্যযুক্ত বুলি প্রমাণিত হ'লে অসমৰ চাহৰ বদনাম হোৱাটো খাটাং ।"

লগতে সংবাদমেলত তেওঁ কয়,"কোনো পৰীক্ষা নকৰাকৈ অৰুণাচলৰ পৰা অসমৰ বটলিফ ফেক্টৰীত যোগান ধৰা কেঁচাপাতবোৰ তিনিচুকীয়া জিলাৰ সীমাৱৰ্তী এলেকাৰ লগতে ডুমডুমা, ফিল'বাৰী, বৰডুমচাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা ক্ৰয় কৰা বুলিও ব্যবসায়ীজনে পতিয়ন নিয়াবলৈ সক্ষম হৈছে ।" দৈনিক যোগান ধৰা কেঁচাপাত কোন খেতিয়কৰ পৰা ক্ৰয় কৰা হৈছে সেই তথ্য প্রশাসনে উলিয়াই ৰাজহুৱা কৰাৰো দাবী জনাই উজনি অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ কৰ্মকৰ্তাসকলে ।

ভ্রাম্যমাণ পৰীক্ষাগাৰৰ নামত ভেঁকোভাওনা:

চৰকাৰে বান্ধি দিয়া কোনো ধৰণৰ নীতি-নিয়ম পালন নকৰি এনেদৰে দৈনিক অৰুণাচলৰ কেঁচা চাহপাত উজনি অসমৰ বটলিফ ফেক্টৰীলৈ অনা সকলো পথ বন্ধ কৰি যাবতীয় ব্যৱস্থা গ্রহণ কৰিব লাগে বুলি জিলা প্রশাসন, টী ব'ৰ্ড, আৰক্ষীক সংবাদমেলত দাবী জনাই সন্থাই । চৰকাৰে যিবোৰ ভ্ৰাম্যমাণ পৰীক্ষাগাৰ ক্ষুদ্র চাহ খেতিয়কৰ স্বাৰ্থত দিছে, সেইবোৰ সফলভাবে কার্যক্ষম কৰাৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰাৰো দাবী জনাই সংবাদমেলত ।

লগতে অসমৰ চাহৰ মান অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অৰুণাচলৰ পৰা অহা কেঁচাপাত অসম-অৰুণাচল সীমাৱর্তী এলেকাত জিলা প্রশাসন, টী ব'ৰ্ড আৰু আৰক্ষীয়ে তালাচীৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াৰ বাবে প্রয়োজন হ'লে উজনি অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাই সহযোগিতা কৰিব বুলি সদৰী কৰে । একেদৰে ডিব্ৰুগড়, লাহোৱাল, চাবুৱা এলেকাত যোগান ধৰা কেঁচা চাহপাত যোগানধাৰীৰ পৰা সকলো তথ্যও প্রশাসন আৰু টী ব'ৰ্ডৰ বিষয়া-কর্মচাৰীয়ে পৰীক্ষা কৰিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰে ।

লগতে পঢ়ক:ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰিৰ মাজত বুজাবুজি ! যুটীয়া সংবাদমেল - Assam Tea

পিপিচি অনুমোদিত দৰৱ ব্যৱহাৰ কৰিবলৈ আহ্বান ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ - Small Tea Farmers

ABOUT THE AUTHOR

...view details