অসম

assam

ETV Bharat / state

নতুন ৰূপত পঞ্চায়ত নিৰ্বাচন: নাথাকে দলীয় প্ৰতীক, সাজু শাসক-বিৰোধী

সীমা পুনৰ নিৰ্ধাৰণৰ পিছত ৰাজ্যত নতুন ৰূপত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । এইবাৰৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় দলীয় প্ৰতীকত ।

Assam Panchayat Elections 2025
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 18 hours ago

গুৱাহাটী :ৰাজ্যত এতিয়া আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ । শাসক-বিৰোধী উভয়ে নিজা নিজা ৰণকৌশলৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে । অৱশ্যে এইবাৰ নতুন ৰূপত অনুষ্ঠিত হ'ব পঞ্চায়ত নির্বাচন ।

নতুন বছৰত নতুন চাৰিসীমাৰে অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ পঞ্চায়ত নির্বাচনত প্ৰথমবাৰৰ বাবে নাথাকিব দলীয় প্রতীক চিহ্ন । অৱশ্যে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত দলীয় প্রতীক চিহ্ন থাকিব । আনহাতে, ই ভি এমৰ অভাৱত পূৰ্বৰ দৰেই এইবাৰো বেলট পেপাৰতে নির্বাচন অনুষ্ঠিত হ'ব ।

ইয়াৰ উপৰি এইবাৰ পূৰ্বৰ দৰে পঞ্চায়ত সভাপতিৰ পদৰ বাবে প্ৰত্যক্ষ নির্বাচন নহয় । গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যই নির্বাচন কৰিব পঞ্চায়ত সভাপতিগৰাকীক । ইতিমধ্যে জিলাই জিলাই নতুন চাৰিসীমাৰে নতুন গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গঠন কৰা হৈছে ।

আনহাতে, নতুন প্ৰক্ৰিয়াৰে পঞ্চায়ত, জিলা পৰিষদ গঠন কৰাৰ ফলত ক'ৰবাত যদি পঞ্চায়ত বিলুপ্তি হৈছে, আন ক'ৰবাত আকৌ নতুন পঞ্চায়ত সৃষ্টি হৈছে । ক'ৰবাত যদি জিলা পৰিষদ হ্ৰাস হৈছে, আন ক'ৰবাত জিলা পৰিষদ বৃদ্ধি হৈছে ।

সীমা নিৰ্ধাৰণৰ পিচৰ হ্ৰাস-বৃদ্ধি

পঞ্চায়তৰ পুনৰ সীমা নিৰ্ধাৰণৰ ফলত বিলুপ্ত হৈছে ২৩ খন জিলা পৰিষদ । পূৰ্বৰ ৪২০ৰ পৰা ৩৯৭ খনলৈ হ্ৰাস পাইছে জিলা পৰিষদৰ সংখ্যা । একেদৰে আঞ্চলিক পঞ্চায়তো হ্রাস হৈছে এখন । পূৰ্বৰ ১৮৫ খনৰ পৰিৱৰ্তে ১৮৪ হ'ল আঞ্চলিক পঞ্চায়ত ।

আনহাতে, ৪ খন গাঁও পঞ্চায়ত হ্ৰাস পোৱাত পূৰ্বৰ ২,১৯৭ খনৰ পৰিৱর্তে গাঁও পঞ্চায়ত ২,১৯৩ খনলৈ হ্ৰাস পায় । নতুন চাৰিসীমাৰ বাবে যোগ-বিয়োগ কৰাৰ ফলত সাতখন জিলাত গাঁও পঞ্চায়ত হ্ৰাস পাইছে । ইয়াৰ বিপৰীতে আন সাতখন জিলাত গাঁও পঞ্চায়ৰ সংখ্যা বৃদ্ধি পাইছে । সেইদৰে জিলা পৰিষদৰ সংখ্যা ১৬ জিলাত হ্ৰাস পোৱাৰ বিপৰীতে ছয়খন জিলাত বৃদ্ধি পাইছে ।

গাঁও পঞ্চায়ত কৰ্তন

বজালী জিলাত ৩৭ খন গাঁও পঞ্চায়তৰ ছয়খন কৰ্তন কৰি ৩১ খন কৰা হৈছে । একেদৰে বিশ্বনাথ জিলাত ৭৬ খনৰ পৰা তিনিখন কমি ৭৩ খন, ধুবুৰী জিলাত ১৩২ খনৰ পৰা চাৰিখন কমি ১২৮ খন, যোৰহাটত ৯০ খনৰ পৰা চাৰিখন কমি ৮৬ খন, মৰিগাঁৱত ৮৫ খনৰ পৰা এখন কমি ৮৪ খন, নগাঁৱত ১৭২ খনৰ পৰা আঠখন কমি ১৬৪ খন, কামৰূপ মহানগৰ জিলাত ২১ খনৰ পৰা এখন কমি ২০ খন হৈছে ।

গাঁও পঞ্চায়ত বৃদ্ধি

ৰাজ্যৰ ৭ খন জিলাত বৃদ্ধি হ'ল গাঁও পঞ্চায়তৰ সংখ্যা । সেই অনুসৰি, বৰপেটাত ৯৮ খনৰ পৰা চাৰিখন বৃদ্ধি কৰি ১০২ খন, গোলাঘাটত ১০২ খনৰ পৰা ছয়খন বৃদ্ধি কৰি ১০৮ খন, হোজাইত ৬৭ খনৰ পৰা এখন বৃদ্ধি কৰি ৬৮ খন, শ্রীভূমিত ৯৫ খনৰ পৰা এখন বৃদ্ধি কৰি ৯৬ খন, শোণিতপুৰত পূৰ্বৰ ৮২ খনৰ পৰা ছয়খন বৃদ্ধি কৰি ৮৮ খন, লখিমপুৰত ৮১ খনৰ পৰা এখন বৃদ্ধি কৰি ৮২ খন, তিনিচুকীয়াত ৮৫ খনৰ পৰা এখন বৃদ্ধি কৰি ৮৬ খন কৰা হৈছে ।

জিলা পৰিষদৰ সংখ্যা হ্ৰাস

ইফালে সীমা পুনৰ নিৰ্ধাৰণৰ ফলত জিলা পৰিষদৰো সংখ্যা ১৬ খন জিলাত হ্ৰাস পাইছে । সেই অনুসৰি, শিৱসাগৰত ১৭ খনৰ পৰা ১২ খনলৈ, বজালীত ৬ খনৰ পৰা ৫ খনলৈ, বৰপেটাত ২৩ খনৰ পৰা ১৯ খনলৈ, বিশ্বনাথত ১৩ খনৰ পৰা ১২ খনলৈ, কাছাৰত ২৭ খনৰ পৰা ২৫ খনলৈ, ধুবুৰীত ২৪ খনৰ পৰা ২০ খনলৈ, ডিব্ৰুগড়ত ২৩ খনৰ পৰা ২২ খনলৈ, হাইলাকান্দিত ১১ খনৰ পৰা ৮ খনলৈ, যোৰহাটত ১৯ খনৰ পৰা ১৬ খনলৈ, কামৰূপত ২৬ খনৰ পৰা ২৪ খনলৈ, শ্রীভূমিত ২০ খনৰ পৰা ১৬ খনলৈ, মৰিগাঁৱত ১৩ খনৰ পৰা ১২ খনলৈ, নগাঁৱত ২৯ খনৰ পৰা ২৭ খনলৈ, নলবাৰীত ১৩ খনৰ পৰা ১২ খনলৈ, দক্ষিণ শালমাৰাত ৫ খনৰ পৰা ৪ খনলৈ, দৰঙত ১৪ খনৰ পৰা ১২ খনলৈ জিলা পৰিষদ হ্ৰাস পাইছে ।

জিলা পৰিষদৰ সংখ্যা বৃদ্ধি

আনহাতে, ৰাজ্যৰ ৭ খন জিলাত জিলা পৰিষদ বৃদ্ধি পাইছে । সেই অনুসৰি, চৰাইদেউত ৭ খনৰ পৰা ৮ খনলৈ, ধেমাজিত ৭ খনৰ পৰা ১২ খনলৈ, গোলাঘাটত ১৭ খনৰ পৰা ২০ খনলৈ, লখিমপুৰত ১৯ খনৰ পৰা ২০ খনলৈ, তিনিচুকীয়াত ২০ খনৰ পৰা ২২ খনলৈ, শোণিতপুৰত ২০ খনৰ পৰা ২২ খনলৈ বৃদ্ধি পাইছে ।

পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎপৰ শাসক-বিৰোধী

নির্বাচন আয়োগে প্রকাশ কৰা মতে, অহা ১১ ডিচেম্বৰত প্ৰকাশ হ'ব খচৰা ভোটাৰ তালিকা । ইয়াৰ পাচত ২৮ ডিচেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰি জানুৱাৰীৰ প্ৰথম সপ্তাহত নির্বাচনী অধিসূচনা জাৰি কৰা হ'ব । ৭ বছৰ বিৰতিৰ পাচত এইবাৰ অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত হ'ব ।

মন কৰিবলগীয়া কথা যে অসমত বিগত বৰ্ষতে পঞ্চায়তৰ কাৰ্যকাল উকলি যায় । এনে ক্ষেত্ৰত চৰকাৰে নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰিব তাকে লৈ ৰাইজৰ মাজত উৎসুকতা বৃদ্ধি পোৱাৰ সময়তে অৱশেষত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ তৎপৰতা আৰম্ভ কৰাত ৰাজনৈতিক দলসমূহৰ সক্ৰিয়তা বৃদ্ধি পাইছে ।

সাধাৰণতে পঞ্চায়তৰ দৰে স্থানীয় নিৰ্বাচনত শাসকীয় দলৰেই প্রভাৱ অধিক হয় । কিন্তু অসমত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনক বিৰোধী দলবোৰে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ ছেমি ফাইনেলৰূপে গ্ৰহণ কৰিছে । ইতিমধ্যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই বিজেপিয়ে এককভাৱে যুঁজ দিয়াৰ কথা প্রকাশ কৰিছে । মুখ্যমন্ত্রীৰ মতে, ৰাজ্যিক পৰ্যায়ত কোনো মিত্রতা নহয় । জিলা পৰ্যায়ত ক'ৰবাত প্ৰয়োজন হ'লে হ'ব পাৰে ।

আনহাতে, অগপৰ সভাপতি অতুল বৰাই প্ৰকাশ কৰা মতে, এইবাৰ পঞ্চায়ত নিৰ্বাচন দলীয় প্রতীক অবিহনে অনুষ্ঠিত হ'ব যদিও বিজেপি আৰু অগপ দলে সহযোগিতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব । এইবাৰ সভাপতিক ৱাৰ্ড মেম্বাৰসকলে নির্বাচিত কৰিব ।

উল্লেখ্য যে এইবাৰ বহু অৰাজনৈতিক ব্যক্তি বা কোনো দলত নথকা ব্যক্তিয়ে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব । প্ৰদেশ কংগ্ৰেছেও পঞ্চায়তৰ বাবে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে । মুঠতে এইবাৰ নতুন নীতিত অনুষ্ঠিত হ'ব পঞ্চায়ত নির্বাচন । নতুন ৰূপত গঠন হ'ব পঞ্চায়ত ।

লগতে পঢ়ক :অগপই ৪৫ টাকৈ সমষ্টি দাবী কৰিব: জয়নাথ শৰ্মা
লগতে পঢ়ক :পঞ্চায়ত নিৰ্বাচন: ২৬ ৰ ছেমিফাইনেল হিচাপে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী

ABOUT THE AUTHOR

...view details