শিলচৰ : জিৰিবামৰ জাকুৰাডহৰৰ অপহৃত ছয় মেইটেই নাগৰিকৰ মাজৰ পাঁচগৰাকীৰ মৃতদেহ উদ্ধাৰ পাছত পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ ৷ ইম্ফলত কেইবাজনো বিধায়কৰ বাসগৃহত আক্ৰমণৰ লগতে জিৰিবামত নিশা জ্বলাই দিয়া হ'ল কেইবাটাও গীৰ্জাসহ বাসগৃহ ৷ জিৰিবামৰ জাইৰন গাঁৱত চলিল মেইটেই আৰু কুকিৰ গুলিয়াগুলী । ফলত দুদিনৰ বাবে ইম্ফলত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা ।
চুবুৰীয়া মণিপুৰৰ বিভিন্ন স্থানত সংঘটিত হৈছে হিংসাত্মক ঘটনা । মেইটেই সম্প্ৰদায়ৰ দুটি শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে মণিপুৰত । যোৱা সোমবাৰে মণিপুৰৰ জিৰিবামৰ জাকুৰাডহৰৰ পৰা শিশু মহিলাসহ ছগৰাকী নাগৰিকক অপহৰণ কৰিছিল দুৰ্বৃত্তই । ঘটনাৰ তিনিদিন পাছত অৰ্থাৎ শুকুৰবাৰে নিশা অসম-মণিপুৰ সীমান্তৰ জিৰিবাম গিলগাল অঞ্চলৰ বৰাক নৈৰ পৰা উদ্ধাৰ হয় অপহৃত ছয় মেইটেইৰ মাজৰ তিনিগৰাকীৰ মৃতদেহ ।
এই তিনিটা মৃতদেহ উদ্ধাৰৰ পাছত পুনৰ উত্তপ্ত হৈ পৰে মণিপুৰ । কুকি উগ্ৰপন্থীয়ে এই তিনি মেইটেই শিশু আৰু মহিলাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি কালি মণিপুৰৰ বিভিন্ন স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে মেইটেই লোকসকলে । মণিপুৰৰ ৰাজধানী ইম্ফলসহ চূৰাচান্দপুৰ, বিষ্ণুপুৰসহ কেইবাখনো জিলাত দিনৰ ভাগত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ মেইটেই লোকে ।
আনকি একাংশ প্ৰতিবাদকাৰীসকলে ইম্ফলস্থিত কেইবাজনো বিজেপিৰ বিধায়কৰ বাসগৃহত আক্ৰমণ কৰে । পৰিস্থিতি ইমানে উত্তপ্ত হৈ পৰে যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আবেলি ইম্ফলসহ কেইবাটাখনো জিলাত দুদিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে ।
মেইটেই আৰু কুকিৰ মাজত গুলিয়াগুলী
ইপিনে, নিশাৰ ভাগত মণিপুৰৰ জিৰিবাম জিলাত পুনৰ উত্তপ্ত হৈ পৰে পৰিস্থিতি । জিৰিবামৰ বিভিন্ন অঞ্চলত কেইবাটাও গীৰ্জাসহ ঘৰবাৰীত অগ্নি সংযোগ কৰি জ্বলাই দিয়ে মেইটেই দুৰ্বৃত্তই । লগতে এটা পেট্ৰ'ল পাম্প ধ্বংস কৰে দুৰ্বৃত্তই । জিৰিবামৰ জাইৰন ভিলেজত নিশা সংঘটিত হয় গুলীচালনাৰ ঘটনা । মেইটেই আৰু কুকিৰ মাজত কেইবাঘণ্টা ধৰি চলে গুলিয়াগুলী ।