লখিমপুৰ, ২০ ছেপ্টেম্বৰ: সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে বিজেপি দলৰ সদস্যতা অভিযান । কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ক্ষমতাত থকা দলটোক আৰু অধিক শক্তিশালী কৰিবলৈ সদস্যতা অভিযান চলোৱা হৈছে । এনে প্ৰেক্ষাপটত শুকুৰবাৰে এই অভিযানৰ বুজ লোৱাৰ লগতে দলীয় কৰ্মীক উৎসাহিত কৰিবলৈ ধেমাজি আৰু লখিমপুৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
তেওঁ দিনটোৰ ভিতৰত দুখন জিলাৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে । বিজেপিৰ সদস্যতা অভিযানতো অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে ।
সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘বিজেপিৰ সদস্যতা অভিযান অতি ভাল হৈছে । ৰাইজে ব্যাপক উৎসাহ-উদ্দীপনা আৰু আন্তৰিকতাৰে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে ৷ বিজেপিৰ জৰিয়তে অসমৰ সৰ্বাংগীন উন্নয়ন আৰু বিশ্বৰ ভিতৰতে ভাৰত এখন শক্তিশালী ৰাষ্ট্ৰ হ’ব বুলি ৰাইজে বিশ্বাস কৰি বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে ৷ লখিমপুৰত ৰাইজে অতি আগ্ৰহ আৰু আন্তৰিকতাৰে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে ।’’
লখিমপুৰ নগৰৰ খেল মাটিৰ খেলমাটি নামঘৰত উপস্থিত হৈ শুকুৰবাৰে বিয়লি মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ সময়ত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি তেওঁক জয়ী কৰাই পঠিয়াইছিল । সেই কথা পাহৰা নাই বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৷ সাংবাদিকসকলেও নিৰ্বাচনৰ সময়ত যথেষ্ট কষ্টৰে বাতৰি প্ৰচাৰ কৰাৰ কথা মনত থকা বুলি তেওঁ লগতে কয় ৷