মৰাণ:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত বাহৰ পাতি ডিব্ৰুগড়ৰ উন্নয়নমূলক কাম পৰিদৰ্শন কৰি কামকাজৰ অগ্ৰগতি বুজ লোৱা সময়তেই আজি চাবুৱাত উপস্থিত হয় ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ডিব্ৰুগড়ৰ সাংসদ তথা ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জন্মস্থান চাবুৱাত একেদিনাই পাঁচটা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে ।
চাবুৱাত উপস্থিত হৈ প্ৰথম চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী স্মাৰক ভৱনৰ আধাৰশিলা স্থাপন কৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাজ্যসভাৰ সাংসদ হৈ থাকোতে সৰ্বানন্দ সোণোৱালে চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী স্মাৰক ভৱনৰ বাবে সাংসদ পুঁজিৰে আৰ্থিক সাহায্য আগবঢ়াই আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে ।
আধাৰশিলা স্থাপন কৰি চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইয়াৰ পাছতে চাবুৱাৰ খাৰজান চাহ বাগিচাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । খাৰজান চাহ বাগিচাত অনুষ্ঠিত সভাতেই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা আৰু লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ লগত লৈ চাৰিটাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰে ।
বিন্ধকটা আৰক্ষী চকী পকীকৰণ, খাৰজান চাহ বাগিছাৰ জগন্নাথ সাংস্কৃতিক কেন্দ্ৰৰ চাৰিবেৰ পকীকৰণ, বালিজান নৰ্থ পুৰণা লাইনৰ পেভাৰ ব্লক পথ আৰু মুলুক গাঁও উদ্দীপ্ত যুৱক সংঘৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই অনুষ্ঠানত উপস্থিত হৈ নষ্টালজিক হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নিজে শৈশৱৰ সময় পাৰ কৰা ঠাইখনত উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰি শৈশৱৰ স্মৃতিৰ কথা সংবাদ মাধ্যমত ক'লে সৰ্বানন্দ সোণোৱালে ।