গুৱাহাটী, ৬ এপ্রিল :বাতিল হ’ল কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্ৰমণ । দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহাৰ কথা আছিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ । কিন্তু হঠাতে কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীৰ অসম ভ্ৰমণ স্থগিত ৰখা হ'ল । অৱশ্যে কি কাৰণত অমিত শ্বাহৰ অসম ভ্ৰমণ স্থগিত ৰখা হ'ল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ৭ আৰু ৮ এপ্ৰিলত গৃহমন্ত্রী অমিত শ্বাহ অসমলৈ অহাৰ কথা আছিল আৰু সেই অনুসৰি প্ৰস্তুতি চলোৱা হৈছিল । কিন্তু প্ৰস্তুতিৰ মাজতে হঠাতে বাতিল হ’ল অমিত শ্বাহৰ ভ্ৰমণ । দলীয়ভাৱে অমিত শ্বাহৰ অসম ভ্রমণ স্থগিত ৰখাৰ প্ৰকৃত কাৰণ ৰাজহুৱা কৰা হোৱা নাই । বিজেপিৰ ৰাজ্যিক নেতৃত্বই জনোৱা মতে ৭-৮ এপ্ৰিলৰ পৰিৱৰ্তে ১১ এপ্ৰিলত প্ৰচাৰৰ বাবে অমিত শ্বাহ অসমলৈ অহাৰ সম্ভাৱনা আছে ।
৭ আৰু ৮ এপ্ৰিলত বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অমিত শ্বাহে নগাঁও সমষ্টিৰ হোজাই আৰু লখিমপুৰ সমষ্টিৰ লগতে আৰু শোণিতপুৰ সমষ্টিৰ গহপুৰত এখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ কথা আছিল । এই নির্বাচনী প্ৰচাৰ সভাৰ বাবে বিজেপিৰ ৰাজ্যিক নেতৃত্বই সম্পূর্ণ প্রস্তুতি চলাইছিল । কিন্তু শেষ মুহূৰ্তত অমিত শ্বাহৰ ভ্রমণসূচী স্থগিত ৰখা হয় ।