তেজপুৰ, 20 জানুৱাৰী :কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ আজি দ্বিতীয় দিন ৷ শুকুৰবাৰে নিশাটো তেজপুৰ আৱৰ্ত ভৱনত কটাই শনিবাৰে পুৱা তেজপুৰৰ শালনিবাৰীস্থিত এছ এছ বিৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ আজিৰ কাৰ্যসূচী হিচাপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত অনুষ্ঠিত হ’বলগীয়া অল বাথৌ মহাসভাৰ বাৰ্ষিক সন্মিলনতো অংশগ্ৰহণ কৰিব । তাৰ পৰা পোনে পোনে গুৱাহাটীলৈ আহিব মন্ত্ৰীগৰাকীয়ে ৷
গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে ৷ প্ৰথমে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত 2,551 জন অসম আৰক্ষী কমাণ্ডোৰ পেৰেডত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ তাৰ পাচত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰিছে মন্ত্ৰীগৰাকী ৷ উক্ত সভাতে "অসমৰ সাহসী লাচিত বৰফুকন" নামৰ এখন কিতাপও মুকলি কৰিব কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে ৷
শুকুৰবাৰে বিয়লিৰ ভাগত তেজপুৰত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে ঐতিহাসিক মহাভৈৰৱ মন্দিৰত পৰিদৰ্শন কৰে ৷ মহাভৈৰৱত পূজা-অৰ্চনা কৰাৰ পিচতেই তেজপুৰ বিশ্ববিদ্যালয়লৈ ৰাওনা হয় অমিত শ্বাহ ৷ তাতেই এক সাংস্কৃতিক কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ সাংসদসকলে সংগ দিয়ে গৃহমন্ত্ৰীগৰাকীক ৷