মৰাণ :চৰাইদেউৰ নামতোলাৰ অপহৃত মুছলেক আলীৰ আজিও নাই কোনো সন্ধান । মুছলেক আলীৰ মুক্তিৰ বাবে নগা বিদ্ৰোহী সংগঠনে দাবী কৰিছিল ২৫ লাখ টকা । কিন্তু তেনে সময়তে অপহৃত মুছলেক আলীক বিনাচৰ্তে মুক্তিৰ দাবীত চৰাইদেউৰ নামতোলাত নাগালেণ্ড সংযোগী মূলপথ অৱৰোধ কৰিছিল অসমৰ দল-সংগঠনে ।
২৯ নৱেম্বৰত মুছলেক আলীক মুক্তি কৰি দিয়াৰ দাবীত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰিছিল অসমৰ কেইবাটাও সংগঠনে । ফলত সম্পূৰ্ণৰূপে অচল হৈ পৰিছিল চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাৰ সৈতে যাতায়াত । ইয়াৰ পাছতে অপহৰণৰ ঘটনাক লৈ নাগালেণ্ডৰ কন্যাক ইউনিয়নেৰে আলোচনাত মিলিত হৈছিল অসমৰ দল-সংগঠন ।
নাগালেণ্ডৰ পৰা অহা অস্ত্ৰধাৰী লোকে মুছলেক আলী নামৰ ব্যৱসায়ীজনক অপহৰণ কৰা কাৰ্যক গৰিহণা দিছিল অসমৰ দল-সংগঠনৰ লগতে কন্যাক ইউনিয়নে । তাৰ মাজতে আকৌ আলফা স্বাধীনৰ এক বিবৃতিয়ে সকলোকে আচৰিত কৰি তুলিছে । কিয়নো নামতোলাৰ অপহৰণৰ ঘটনাক সমৰ্থন জনাইছে আলফা স্বাধীনে ।
কি আছে আলফা স্বাধীনৰ প্ৰেছ বিবৃতিত ?
চৰাইদেউ নামতোলাৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহত নগা উগ্ৰপন্থী এনএছচিএন/জিপিআৰএনয়ে (NSCN/GPRN) অপহৰণ কৰি নিয়া মুছলেক আলীৰ মুক্তিৰ প্ৰতিবাদত জিলাখনৰ বিভিন্ন সংগঠনে নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰা কাৰ্যক অযুক্তিকৰ আখ্যা প্ৰদান কৰি আলফা স্বাধীনে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰিছে ।
এনে কাৰ্যক অসম-নাগালেণ্ডৰ শান্তি শৃংখলা বিঘ্নিত কৰিব বুলিও আশংকা প্ৰকাশ কৰিছে আলফা স্বাধীনে । যিজন ড্ৰাগছ ব্যৱসায়ীৰ বাবে নাগালেণ্ডৰ মন জিলাৰ লগতে অসমৰ যুৱক-যুৱতীয়ে নিজৰ জীৱনৰ হেৰুৱাব লগা হৈছে তেনে এজনক অসম আৰক্ষীয়ে আটক কৰিব নোৱাৰিলে কিন্তু এনএছচিএন/জিপিআৰএনয়ে অপহৰণ কৰিছে ।
তেনেস্থলত নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰাৰ কোনো যুক্তি দেখা নাই বুলি উল্লেখ কৰিছে আলফা স্বাধীনে । সেয়েহে অপহৰণৰ ঘটনাক লৈ নাগালেণ্ডৰ বিৰুদ্ধে কৰা পথ অৱৰোধ সম্পূৰ্ণ বাতিল কৰিবলৈ অসমৰ দল-সংগঠনলৈ আহ্বান জনাইছে আলফা স্বাধীনে ।
নগা দুৰ্বৃত্তই কেনেকৈ অপহৰণ কৰিছিল মুছলেক আলীক :
যোৱা ২৫ নৱেম্বৰৰ সন্ধিয়া নামতোলা আৰক্ষী চকীৰ নিচেই কাষৰ পৰা নগা দুৰ্বৃত্তই গুলী ফুটাই অপহৰণ কৰিছিল মুছলেক আলী নামৰ অসমৰ ব্যৱসায়ীক । মুছলেক আলী নামৰ লোকজনক নিজ ব্যৱসায় প্ৰতিষ্ঠানত বহি থকা সময়তে নামতোলা আৰক্ষী থানাৰ পৰা ১০০ মিটাৰ আঁতৰতে অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰি এখন বগা ৰঙৰ বাহনত লৈ গৈছিল ।
ব্যৱসায়ীজনৰ দোকানৰ সন্মুখত এটা গ্ৰেণেডো এৰি গৈছিল দুৰ্বৃত্তৰ দলটোৱে । এই অপহৰণৰ ঘটনা বন্দী হৈছিল চিচিটিভি কেমেৰাত । নগা দুৰ্বৃত্তই গুলীচালনা কৰি নাগালেণ্ডৰ পৰা আহি অসমৰ ভূমিত সংঘটিত কৰা ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত আছে ।
লগতে পঢ়ক :মুছলেক আলীক উদ্ধাৰৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব নাগালেণ্ড প্ৰশাসনে ?