অসম

assam

ETV Bharat / state

মৌ পালনৰে ছাত্ৰ-ছাত্ৰীক স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে অসমৰে এখন মহাবিদ্যালয়ে - TYAGBIR HEM BARUAH COLLEGE

বজাৰত মুকলি ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ নিজাববীয়াকৈ উৎপাদিত মৌ ৷ মহাবিদ্যালয়খনে উপাৰ্জন কৰিছে ২৪ হাজাৰ টকা ।

Tyagbir Hem Baruah College
মৌ পালনৰে স্বাৱলম্বিতাৰ যাত্ৰা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 30, 2024, 4:37 PM IST

তেজপুৰ: অসমৰ উত্তৰপাৰৰ এখন চৰকাৰী উচ্চ শিক্ষানুষ্ঠানত শৈক্ষিক পৰিৱেশৰ মাজতে কৃষিজাত সামগ্ৰীৰ প্ৰস্তুত কৰি এক অনন্য মাত্ৰা প্ৰদান কৰিছে । শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰী সকলো ব্যস্ত থাকে এই ধৰণৰ কৃষিজাত সামগ্ৰী ৰোপণ,পালন আৰু পৰৱৰ্তী সময়ত ব্যৱসায়িক ভিত্তিত প্ৰচলনত । শেহতীয়াকৈ মৌ পালন কৰি মহাবিদ্যালয়খনে উপাৰ্জন কৰিছে ২৪ হাজাৰ টকা ।

ছাত্ৰ-ছাত্ৰীয়ে নিজা শৈক্ষিক পৰিৱেশৰ মাজতে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত আৰম্ভ কৰিছে মৌ পালন । শিক্ষাৰ্থীসকলে শিক্ষাৰ সমান্তৰালভাৱে এটা পুখুৰীত ছাত্ৰ-ছাত্ৰীয়ে পানীত থকা মাছক মাতি খাদ্য দিয়ে । সাধাৰণতে মহাবিদ্যালয়খনত শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীক স্বাৱলম্বী কৰাৰ বাবে বিশেষ ভূমিকা পালন কৰিছে মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু সহকাৰী প্ৰৱক্তাসকলে । মহাবিদ্যালয়খনে চাহ,নেমু,কলৰ বাগিচা আৰু গ্ৰীণ টিৰ লগতে নিজাকৈ মৌ পালন কৰি ছাত্ৰ-ছাত্ৰীক উপকৃত হোৱাত সহায় কৰিছে ।

মৌ পালনৰে স্বাৱলম্বিতাৰ যাত্ৰা (ETV Bharat Assam)

এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ অজিত হাজৰিকাই ইটিভি ভাৰতক কয়," মহাবিদ্যালয় চৌহদত ২৫০ গ্ৰাম ওজনৰ বটলত নিজা ব্ৰেণ্ডৰ মৌ বিগত বৰ্ষত মুকলি কৰা হয় । ইয়াৰ পূৰ্বে মৌ নিষ্কাষণ, বিশুদ্ধিকৰণ আৰু পেকেজিঙ সন্দৰ্ভত মহাবিদ্যালয়ত বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে । ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামৰ সহযোগত অনুষ্ঠিত কৰ্মশালা মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰী সকলোৱে অংশগ্ৰহণ কৰে ।"

উল্লেখ্য যে মহাবিদ্যালয়খনে ইতিমধ্যে কৃষি আধাৰিত দক্ষতা আৰু উদ্যোগৰ বিকাশত ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে সহযোগিতা মূলকভাৱে কাম কৰাৰ বাবে কন্যকাৰ সৈতে বুজাবুজিৰ চুক্তি সম্পন্ন কৰি এই বিষয়ে আগবাঢ়িছে । মৌ পালন আদিৰ দৰে বিভিন্ন কৃষি ভিত্তিক বৃত্তি সম্পৰ্কে ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুপ্ৰেৰণা সৃষ্টি কৰি আহিছে। তেওঁ লগতে কয়,"এনে পদক্ষেপে আমাৰ শিক্ষাৰ্থীসকলক বিভিন্ন কৃষি আধাৰিত ব্যৱসায়ৰ সৈতে জড়িত হোৱাত উৎসাহিত কৰিব । ইতিমধ্যে কেইবাজনো প্ৰাক্তন ছাত্ৰই এতিয়া নিজাববীয়াকৈ ঘৰত মৌ পালন আৰম্ভ কৰিছে । প্ৰাক্তন ছাত্ৰ পল্লব কুমাৰ শইকীয়া আৰু বন্দিত বৰাই বৰ্তমান মহাবিদ্যালয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি নিজাববীয়াকৈ মৌ পালন কৰিবলৈ লৈছে । "

মৌ পালনৰে স্বাৱলম্বিতাৰ যাত্ৰা (ETV Bharat Assam)

মৌ বিক্ৰী কৰি ২৮ হাজাৰ টকা উপাৰ্জন

তেওঁ পুনৰ কয়," এই চিন্তাধাৰাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উদ্যোগৰ মনোভাৱ বিকাশৰ বাবে এক পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিব । কৰ্মশালাৰ দ্বাৰা শিক্ষাৰ্থীসকলক মৌ বিশুদ্ধকৰণ আৰু পেকেজিঙৰ ওপৰত এক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।" অধ্যক্ষ অজিত হাজৰিকাই কয়," প্ৰথম বৰ্ষত মহাবিদ্যালয়খনৰ ব্ৰেণ্ডত ৫৪ লিটাৰ মৌ বজাৰত বিক্ৰী কৰি প্ৰায় ২৭ হাজাৰ টকা উপাৰ্জন কৰা হৈছে । বৰ্তমান চলিত বৰ্ষত এতিয়ালৈকে ২৪ লিটাৰ মৌ উৎপাদন কৰা হৈছে । ইয়াৰে বহুসংখ্যক মহাবিদ্যালয়লৈ অহা বিভিন্ন অতিথিক উপহাৰ হিচাবে প্ৰদান কৰা হৈছে । "

মহাবিদ্যালয়ৰ ছাত্ৰ অভিনৱ বৰুৱা আৰু প্ৰিয়নোজ নাথে কয় ," ইএটা বহু লাভবান বৃত্তি । মহাবিদ্যালয়ত আমি পেকেজিং কেনেকৈ কৰিব লাগে সেয়া প্ৰশিক্ষণ গ্ৰহণ কৰি উপকৃত হোৱাৰ লগতে মৌ পালনৰ বিষয়ে জানিবলৈ পাৰিছো । "

মহাবিদ্যালয়ৰ কলা শাখাৰ ছাত্ৰ অভিনৱ বৰুৱা আৰু বিজ্ঞান বিভাগৰ ছাত্ৰ প্ৰিয়ানুজ নাথে কয়," আমি সময় উলিয়াই মহাবিদ্যালয়খনত অধ্যক্ষৰ নেতৃত্বত বিগত বৰ্ষত মৌ পালন আৰম্ভ কৰি এই মৌৰ আমি নিজেই পেকেজিং কৰিছো । বৰ্তমান বজাৰত আমি পালন কৰা আৰু নিজ হাতে পেকেজিং কৰা মৌ উপলব্ধ হৈছে । "

লগতে পঢ়ক:বাঁহ আৰু গছৰ গুটিৰে সপোন সাকাৰ: অনন্য কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন কেইগৰাকীমান মহিলাৰ

এড়ী পলু পালনেৰে স্বাৱলম্বিতাৰ বাট বুলিছে শিপিনী অঞ্জলি গগৈয়ে - Self reliant weaver in Golaghat

ABOUT THE AUTHOR

...view details