সৰুপথাৰ, 13 এপ্ৰিল : অসমৰ এখন আগশাৰীৰ বিদ্যালয় হৈছে গোৱালপাৰা সৈনিক স্কুল ৷ য'ত ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ পৰাও শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰে ৷ ভৱিষ্যতে এজন সুদক্ষ সেনা বিষয়া হোৱাৰ সপোন দেখি এই বিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহে বিভিন্ন প্ৰান্তৰ বহু শিক্ষাৰ্থী ৷ ছাত্ৰ-ছাত্ৰী সকলক তেওঁলোকৰ সপোন পূৰণ হোৱাৰ ক্ষেত্ৰত লগতে তেওঁলোকক একোজন মানৱ সম্পদ ৰূপে গঢ় দিয়াত বিদ্যালয়খনে অহোপুৰুষাৰ্থ কৰি আহিছে ৷
বিগত 9 এপ্ৰিল তাৰিখে ঘোষণা হোৱা সৈনিক স্কুলৰ প্ৰৱেশ পৰীক্ষাত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ দুজন ছাত্ৰৰ সাফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ গোৱালপাৰা সৈনিক স্কুলৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ সৈনিক বিদ্যালয়ত পঢ়িবলৈ সুযোগ লাভ কৰিছে ছাত্ৰ দুজনে ৷ সৰুপথাৰৰ বাৰঘৰীয়াৰ মৌচুম শইকীয়া আৰু সৰুপথাৰ নগৰৰ ধ্ৰুৱ কুমাৰ ঠাকুৰ নামৰ দুজন ছাত্ৰই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে দুয়োজন ছাত্ৰই একে সময়তে দেশৰ আগশাৰীৰ বিদ্যালয় জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাতো উত্তীৰ্ণ হৈছে ৷