লখিমপুৰ, ১১ অক্টোবৰ :জালনোট চক্ৰৰে ভৰি পৰিছে লখিমপুৰ । এই বেহাত জড়িত চক্ৰই অৰুণাচলৰ লোকসকলক লক্ষ্য় কৰি জালনোট বজাৰত উপলব্ধ কৰাইছে বিভিন্ন কৌশলৰে । ইয়াৰ মাজতেই লখিমপুৰত ছয় লক্ষাধিক টকাৰ জালনোট উদ্ধাৰ । পথাৰত খেদি খেদি কৰায়ত্ব কৰিলে দুই জালনোট সৰবৰাহকাৰীক ।
শুকুৰবাৰে বিয়লি লখিমপুৰত ছয় লক্ষাধিক জালনোট উদ্ধাৰ কৰাৰ লগতে পথাৰৰ মাজত খেদি খেদি দুই জালনোট সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় । ধৃত জালনোট সৰবৰাহকাৰী দুটা হ'ল নগৰৰ সমীপৰ চুকুলীভৰীয়াৰ চবৰ আলী আৰু অহিদুৰ ৰহমান ।
ধৃত চবৰ আলী আৰু অহিদুৰ ৰহমানে লখিমপুৰৰ বাইপাচত এজন অৰুণাচলী লোকক ছয় লাখ টকাৰ জালনোট দিয়াৰ পাং পাতিছিল । জালনোট দি অৰুণাচলী লোকজনক লুন্ঠন কৰাৰ পৰিকল্পনা কৰিছিল ধৃত যুৱক দুজনে । ধৃত চবৰ আলী আৰু অহিদুৰ ৰহমানে কয় যে মহৰ আলী নামৰ এজন লোকে তেওঁলোকক জালনোটখিনি অৰুণাচলী লোকজনক দিবলৈ দিছিল ।