কাছাৰ, 2 জুন :ৰাজ্যত বলিয়া বানে লৈছে ভয়ংকৰ ৰূপ ৷ ৰাজ্যখনৰ বিশেষ কৈ বৰাক উপত্যকাত সংহাৰী ৰূপ ধাৰণ কৰিছে বানে ৷ বানৰ কবলত দিগ-বিদিগ হেৰুৱাইছে বানাক্ৰান্তই ৷ ইতিমধ্যে এই বানে প্ৰাণ লৈছে কেবাজনো লোকৰ ৷
ইয়াৰ মাজতে কাছাৰৰ সোনাই কাপ্তানপুৰত ভয়ংকৰ ঘটনা ৷ বাঢ়নী পানীত ডুবি মৃত্যু হ’ল এজন যুৱকৰ, লগতে সন্ধানহীন হৈ আছে আন এজন ৷ মৃত যুৱকজনৰ নাম সুৰজ ৰবিদাস আৰু সন্ধানহীন যুবকজনৰ নাম ৰিপন ৰবিদাস বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, সুৰজ আৰু ৰিপন নামৰ দুজন যুৱক ঘৰৰ কাষতে বাঢ়নী পানীত সাঁতুৰি থাকোঁতেই হঠাৎ দুয়োগৰাকী পানীত সন্ধানহীন হৈ পৰে ৷ এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় লোকে সন্ধান চলাই সুৰজ ৰবিদাসক মৃত অবস্থাত উদ্ধাৰ কৰে যদিও এই পৰ্যন্ত ৰিপন ৰবিদাসৰ কোনো সন্ধান পোৱা নাই স্থানীয় লোকসকলে ৷ পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী আৰু NDRF উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷
আনহাতে আৰক্ষীয়ে সুৰজ ৰবিদাসৰ মৃতদেহ উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ লগতে নিখোজ হৈ থকা ৰিপনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে NDRF-এ ৷ NDRF ৰ অভিযান অব্যাহত আছে যদিও বাতৰি লিখা পৰলৈকে ৰিপন ৰবিদাস নামৰ যুৱকজনৰ কোনো সন্ধান পোৱা নাই ৷ এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷