কামপুৰ,২৬ জুলাই:ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কামপুৰতো জাপানীজ এনকেফেলাইটিছে লৈছে ভয়ংকৰ ৰূপ । জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ কামপুৰত দুগৰাকীকৈ লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । যোৱা ১৯ জুলাইত কঠীয়াতলী টংকেশ্বৰ বৰা নামৰ এজন লোকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাবটি লয় ।
আনহাতে বৃহস্পতিবাৰে পশ্চিম কাৱৈমাৰীৰ মৰমী দেৱী বৰা নামৰ মহিলাগৰাকীৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । জানিব পৰা মতে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আন তিনি গৰাকীলোকো বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে । চিকিৎসাধীন হৈ থকা লোককেইজন কামপুৰৰ তেতেলীসৰাৰ পল্লৱ হাজৰিকা, কঠিয়াতলীৰ আছান হ'ক আৰু ৰাঙলুৰ ৰহিমা খাতুন । সম্প্ৰতি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ GMCH ত চিকিৎসাধীন অৱস্থাত আছে তিনিওগৰাকী ।
ইফালে স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা অঞ্চল সমূহত ফগিং মেছিনৰ দ্বাৰা ধোঁৱা দি মহ খেদা ব্যৱস্থা কৰিছে । আনহাতে কামপুৰ অঞ্চলত বৰ্তমানলৈকে দুজনৰ মৃত্যুৰ হোৱাৰ উপৰি জীৱন-মৰণৰে যুঁজ দি আছে তিনিজনকৈ লোকে ।