তিনিচুকীয়া: "আপুনি ব্যৱসায়ী নতুবা ঠিকাদাৰ নেকি ? যদিহে আপুনি ব্যৱসায়ী নতুবা ঠিকাদাৰ তেন্তে তিনিচুকীয়াত কাম কৰিলে ধন দিব লাগিব তিনিচুকীয়াৰ দুজন মেইন মানুহক ।" এই কথা আমাৰ নহয়, এই কথা তিনিচুকীয়াত কাম কৰা ধুবুৰীৰ এগৰাকী ঠিকাদাৰৰ । অভিযোগ অনুসৰি, তিনিচুকীয়াত এতিয়া জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নামত একাংশ যুৱকে দাদাগিৰি চলাই আহিছে । মটক সংগঠনৰ নামত দাবী-ধমকিৰে ধন সংগ্ৰহ কৰিছে একাংশ অনা মটক যুৱকে ।
ধনদাবীৰে জড়িত থকাৰ অভিযোগত ইতিমধ্যে দুজনক আটক কৰে তিনিচুকীয়া আৰক্ষীয়ে । ধৃত দুই যুৱক প্ৰণৱ সিনহা আৰু জিতু বুঢ়াগোঁহাই । ধুবুৰীৰ এগৰাকী ব্যৱসায়ীৰ পৰা লক্ষাধিক টকা দাবী কৰাৰ অভিযোগ ধৃত দুই যুৱকৰ বিৰুদ্ধে । ধৃত দুয়োৰে সৈতে জড়িত আন কেইবাজনো বৰ্তমান পলাতক । ধৃত দুই যুৱকে ধুবুৰীৰ ব্যৱসায়ীগৰাকীৰ পৰা লক্ষাধিক টকা দাবী কৰি পৰৱৰ্তী সময়ত ৫০ হাজাৰ টকা লোৱাৰ কথা সদৰী কৰে ব্যৱসায়ীগৰাকীয়ে ।
ধৃত জিতু বৰগোঁহাই নামৰ যুৱকজন আহোম সেনা নামৰ সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বুলি চৰ্চিত । ইফালে, উক্ত ঘটনাটো পোহৰলৈ অহাৰ পাছতে তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি জিণ্টু বৰগোঁহাই, সম্পাদক সঞ্জয় গগৈৰ নেতৃত্বত এটা দল তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীক এখন এজাহাৰ দাখিল কৰাৰ কথা সদৰী কৰাৰ লগতে অনা মটক যুৱকে মটকৰ নামত দাবী ধমকিৰে ধনদাবী কৰি মটক জনগোষ্ঠীৰ সংগঠনৰ বদনাম কৰা কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।