গোৱালপাৰা, 25 জানুৱাৰী :ৰাজ্যত এটাৰ পিছত আনটো ধৰ্ষণকাণ্ডক লৈ অব্যাহত আছে উত্তাল প্ৰতিবাদ ৷ এনে সময়তে আজি (দেওবাৰ) গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানা এলেকাত দুটাকৈ পৃথক কিশোৰী ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে ।
বয়সে ভাতি দিলেও একাংশ লোকৰ মানসিকতা এতিয়াও ভৰিৰ তলত ৷ চফল ডেকা নহয়; তথ্য অনুসৰি, এইবাৰ গোৱালপাৰাৰ ধৰ্ষণকাণ্ডত জড়িত হৈছে 55 ঊৰ্ধৰ দুই বৃদ্ধ । এই সন্দৰ্ভত ভুক্তভোগী দুই কিশোৰীৰ পৰিয়ালে থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক :নাৰীক দেৱীৰ লগত তুলনা কৰাৰ অৰ্থ ক’ত : ৰাজীৱ শৰ্মা - Protest against rape
ভুক্তভোগী দুই কিশোৰী পৰিয়ালৰ এজাহাৰ :
- ঘটনা 1 :
এজাহাৰত উল্লেখ কৰা মতে, চিত্ৰ ৰায় (55) নামৰ এটা অভিযুক্ত বৃদ্ধই ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰত প্ৰায় দুমাহ ধৰি কাঠমিস্ত্ৰী হিচাপে কাম কৰিছিল । যোৱা 20 জুলাইৰ দিনা ঘৰত কোনো নথকাৰ সুযোগ লৈ চিত্ৰ ৰায়ে কিশোৰীগৰাকীৰ সৈতে অসৎ কাৰ্য চৰিতাৰ্থ কৰে ৷ আনকি ভুক্তভোগী কিশোৰীগৰাকীক এই কথা ঘৰৰ কাৰোৰে আগত নক’বলৈ বিভিন্ন ধৰণেৰে ভাবুকি দিয়ে ।
কিন্তু 23 আগষ্টৰ দিনা ভুক্তভোগী কিশোৰীগৰাকীয়ে এই ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক সকলো কথা বিৱৰি কয় ৷ তাৰ পাচতে আজি পৰিয়ালৰ লোকে মৰনৈ থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । ভুক্তভোগী পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিত মৰনৈ থানাৰ আৰক্ষীয়ে অভিযান চলাই 55 বছৰীয়া চিত্ৰ ৰায় নামৰ অভিযুক্তটোক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে ।