অসম

assam

ETV Bharat / state

পিতৃ-মাতৃৰ সেৱাৰ মানসেৰে ৰাজ্যিক কৰ্মচাৰীলৈ বিশেষ ছুটী: লাভ কৰিব অতিৰিক্ত সুবিধা - SPECIAL LEAVE FOR GOVT EMPLOYEE

Matri Pitri vandana by Assam Goverment : "মাতৃ-পিতৃ বন্দনা" শীৰ্ষক এই আঁচনিৰ যোগেদি ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি আহিছে এই বিশেষ নৈমিত্তিক ছুটী ৷ চলিত বৰ্ষতো ৰাজ্য চৰকাৰে এই বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে ৷ চাওক সবিশেষ...

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 2:10 PM IST

SPECIAL LEAVE FOR GOVT EMPLOYEE
ৰাজ্যিক কৰ্মচাৰীলৈ বিশেষ ছুটী (ETV Bharat Assam)

গুৱাহাটী, ১১ জুলাই: পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰাৰ উদ্দেশ্য ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ২০২১ বৰ্ষৰ পৰা পৰা ৰাজ্য চৰকাৰে ব্যৱস্থা কৰি আহিছে বিশেষ ছুটীৰ ৷ "মাতৃ-পিতৃ বন্দনা" শীৰ্ষক এই আঁচনিৰ যোগেদি ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি আহিছে এই বিশেষ নৈমিত্তিক ছুটী ৷ চলিত বৰ্ষতো ৰাজ্য চৰকাৰে এই বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে ৷ এইবছৰ ৬ আৰু ৮ নবেম্বৰত ৰাজ্যিক কৰ্মচাৰীক বিশেষ নৈমিত্তিক ছুটী প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷

লক্ষণীয় বিষয় যে, এই বিশেষ দুটা দিনৰ ছুটীৰ উপৰিও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে তিনিটাকৈ স্বাভাৱিক ছুটী লাভ কৰিব ৷ সেই অনুসৰি, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাবলগীয়া ছুটীসমূহ হৈছে ক্ৰমে- ৭ নবেম্বৰত ষঠ পূজাৰ বন্ধ, ৯ নবেম্বৰ দ্বিতীয় শনিবাৰ আৰু ১০ নবেম্বৰ দেওবাৰ ৷ অৰ্থাৎ ওপৰঞ্চিকৈ তেওঁলোকে লাভ কৰিব তিনিদিনৰ বন্ধ ৷ মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে এই বন্ধৰ সৈতে একেলেথাৰিয়ে লাভ কৰিব পাঁচদিনৰ বন্ধৰ সুবিধা ৷

লগতে পঢ়ক:সলনি হ’ব পাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ আৰ্হি; বিবেচনা কৰিব মুখ্যমন্ত্ৰীয়ে - ADR Exams 2024

ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে সদৰী কৰা অনুসৰি বিশেষ ছুটীৰ বাবে কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা প’ৰ্টেলযোগে আবেদন কৰিব পাৰিব ৷ উল্লেখ্য যে, বছৰত দুটা দিন চৰকাৰী কৰ্মচাৰীসকলে যাতে নিজৰ পিতৃ-মাতৃ নাইবা শহুৰ-শাহুৰ লগত সময় কটাব পাৰে, তাৰবাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে নতুনকৈ এই আঁচনিৰ শুভাৰম্ভ কৰিছিল ৷ ২০২১ বৰ্ষত কেবিনেটযোগে গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্ত ৷

প্ৰকৃতাৰ্থত এই আঁচনিৰ উদ্দেশ্য হৈছে মাতৃ-পিতৃ আৰু শাহু-শহুৰক সম্পূৰ্ণ সান্নিধ্যৰে সাহচৰ্য, পৰিচৰ্যা, শ্ৰদ্ধা-সন্মান প্ৰদৰ্শন কৰা ৷ অত্যাৱশ্যকীয় সেৱাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে পৰ্যায়ক্ৰমে এই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব ৷ মাতৃ-পিতৃ আৰু শাহু-শহুৰৰ অবৰ্তমানত প্ৰযোজ্য নহ'ব এই সুবিধা ৷ বিষয়া-কৰ্মচাৰীসকলে মাতৃ-পিতৃ তথা শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ-বিনোদন নাইবা আন কোনো কামত এই বিশেষ ছুটীৰ সুবিধা গ্ৰহণ কৰা অনুচিত বুলি চৰকাৰী পক্ষই সদৰী কৰিছে ৷

লগতে পঢ়ক:Matri pitri Vandana Scheme 2023: চৰকাৰৰ পদক্ষেপৰ প্ৰশংসাত পঞ্চমুখ চৰকাৰী কৰ্মচাৰী

ABOUT THE AUTHOR

...view details