অসম

assam

হাতত মাৰণাস্ত্ৰ লৈ ভিডিঅ' প্ৰেৰণ কৰা ঘটনাৰে জড়িত দুজনক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 2:31 PM IST

Viral video of miscreants: এটা ভিডিঅ'য়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিমা হাচাওত । কেইদিনমান পূৰ্বে তিনিগৰাকী যুৱকে সেনাৰ পোছাক পৰিধান কৰি হাতত অস্ত্ৰলৈ নতুন কোনো উগ্ৰপন্থী সংগঠনৰ নাম উল্লেখ কৰি এটা ভিডিঅ' প্ৰকাশ কৰিছিল । সেই ভিডিঅ' দুটা পৰ্টেলত প্ৰকাশ পোৱাৰ পাছতে পৰ্টেল দুটাৰ এডমিনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

Two arrested for sending videos with weapons in their hands in Dima Hasao
হাতত মাৰণাস্ত্ৰ লৈ ভিডিঅ' প্ৰেৰণ কৰা ঘটনাৰে জড়িত দুজনক গ্ৰেপ্তাৰ

হাতত মাৰণাস্ত্ৰ লৈ ভিডিঅ' প্ৰেৰণ কৰা ঘটনাৰে জড়িত দুজনক গ্ৰেপ্তাৰ

হাফলং,২১ ফেব্ৰুৱাৰী: সেনাৰ পোছাক পৰিধান কৰি অত্যাধুনিক মাৰণাস্ত্ৰ হাতত লৈ তিনি যুৱকে বনোৱা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অপৰাধত ৰঙা ঘৰৰ আলহী হ'ল দুই যুৱক। কেইদিনমান পূৰ্বে তিনিগৰাকী যুৱকে সেনাৰ পোছাক পৰিধান কৰি হাতত অস্ত্ৰলৈ নতুন কোনো উগ্ৰপন্থী সংগঠনৰ নাম উল্লেখ কৰি এটা ভিডিঅ' প্ৰকাশ কৰিছিল । সেই ভিডিঅ' ইতিমধ্যে ডিমা হাছাও অসম আৰু ডিমা হাছাও ব্লক নামৰ দুটা পৰ্টেলত আপলোড কৰে দুই যুৱকে ।

ভিডিঅ' দুটা পৰ্টেলত ভাইৰেল হোৱাৰ পিছতে পৰ্টেল দুটাৰ এডমিনক ডিমা হাছাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে জানিবলৈ দিয়া অনুসৰি ভিডিঅ'টো ডিমা হাছাও অসম আৰু ডিমা হাছাও ব্লক নামৰ পৰ্টেল দুটাত আপলোড কৰাৰ অপৰাধত ইতিমধ্যে পৰ্টেল দুটাৰ এডমিন অভিজিত জিডোং আৰু মুকতেশ্বৰ কেম্প্ৰাই নামৰ দুই ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হয় ।

অতিৰিক্ত আৰক্ষীগৰাকীয়ে কয় যে, এনে ধৰণৰ ভিডিঅ' সামাজিক যোগাযোগ মাধ্যমত প'ষ্ট কৰাটো এক অপৰাধ তথা আইন বিৰোধী । এনে ধৰণৰ বিতৰ্কিত ভিডিঅ'য়ে সমাজত অস্থিৰতাৰ সৃষ্টি কৰাৰ উপৰি সমাজত আতংকৰ সৃষ্টি কৰাৰ সম্ভাৱনা বেছি । সেয়ে এনে ধৰণৰ কোনো ভিডিঅ' বা ফটো যাতে সামাজিক মাধ্যমত কোনেও প্ৰচাৰ নকৰে এই আহ্বান জনায় অতিৰিক্ত আৰক্ষী অধীক্ষগৰাকীয়ে ।

লগতে তেওঁ কয় যে কোনো ব্যক্তিয়ে আৰক্ষীৰ এই সকীয়নিৰ পিছতো যদি এনে কাৰ্য সংঘটিত কৰে তেনেহলে ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব । ইতিমধ্যে আৰক্ষীৰ চাইবাৰ চেলে এই সন্দৰ্ভত সামাজিক মাধ্যমত চোকা দৃষ্টি ৰাখি চলিছে বুলি মন্তব্য কৰে অতিৰিক্ত আৰক্ষী অধীক্ষ ফাৰুক আহমেদে । লগতে কোনো লোকে যদি এনে ভিডিঅ' বা ফটো দেখা পায় তেনেহলে অনতিপলমে আৰক্ষীক অৱগত কৰাৰ বাবে আহ্বান জনায় আহমেদে । এনে তথ্য দিয়া ব্যক্তিৰ নাম আৰক্ষীয়ে গোপনে ৰাখিব বুলিয়ো জানিবলৈ দিয়ে ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক:গৰুখুঁটি প্ৰকল্পক লৈ বিৰোধীৰ সদন ত্যাগ

ABOUT THE AUTHOR

...view details