ETV Bharat / state

চৰকাৰৰ অবিবেচকী কাণ্ডত ধেমাজিত সংঘাতৰ দিশে মিচিং-অনা মিচিং - Mising Autonomous Council - MISING AUTONOMOUS COUNCIL

Protest Against MAC in Dhemaji : ধেমাজিত জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ নামত কাৰ বিৰুদ্ধে কোনে দিলে হুংকাৰ ? কোন শংকিত হৈছে মাটি-ভেটিক লৈ ? খিলঞ্জীয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰে যুদ্ধ ঘোষণা নেকি ? ঘটিব নেকি 2013 চনৰ পুনৰাবৃত্তি ?

Protest Against MAC in Dhemaji
চৰকাৰৰ অবিবেচকী কাণ্ডত ধেমাজিত সংঘাতৰ দিশে মিচিং-অনা মিচিং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2024, 9:32 AM IST

Updated : Sep 19, 2024, 9:51 AM IST

ধেমাজি, ১৯ ছেপ্টেম্বৰ : "জাতি, মাটি ভেটিৰ কথা কোৱা অসম চৰকাৰে ধেমাজি জিলাৰ অনা মিচিঙৰ স্বাধিকাৰ হৰণ কৰিবলৈ বিচৰা কুটিল ষড়যন্ত্ৰক কেতিয়াও মানি লোৱা নহ'ব ৷ এনে ষড়যন্ত্ৰক যিকোনো উপায়েৰে হ'লেও প্ৰত্যাহ্বান জনোৱা হ'ব ।" এই হুংকাৰ অনা মিচিং সুৰক্ষা সমিতিৰ অন্যতম শীৰ্ষ নেতা তথা সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈৰ ৷

অনা মিচিং সংগঠনৰ সংবাদমেল (ETV Bharat Assam)

ধেমাজিত অনা মিচিং সুৰক্ষা সমিতি আৰু সদৌ তাই আহোম ছাত্ৰ সন্থাই বুধবাৰে বিয়লি ধেমাজি প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদমেলত এই মন্তব্য কৰে ৷ সংবাদমেলত নেতাগৰাকীয়ে লগতে কয়, "আগষ্ট মাহত চৰকাৰে প্ৰকাশ কৰা মিচিং পৰিষদীয় সমষ্টিৰ খচৰা তালিকাখন কেৱল জিলা আয়ুক্তৰ জাননী ফলকত আঁৰিয়ে দায়িত্ব সামৰিলে ৷ কিয় পঞ্চায়তে পঞ্চায়তে সেই খচৰা তালিকা প্ৰকাশ কৰাৰ পৰিৱৰ্তে অনা মিচিং ৰাইজৰ পৰা গোপন কৰি থোৱা হ'ল ?"

তেওঁ অভিযোগ কৰি কয়, "চৰকাৰ তথা জিলা প্ৰশাসনে অনা মিচিঙক অন্ধকাৰত ৰাখি কৌশলেৰে অনা মিচিঙৰ অঞ্চলসমূহ মিচিং পৰিষদীয় সমষ্টিত গোপনে অন্তৰ্ভুক্ত কৰাৰ এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ চৰকাৰৰ এনে অনৈতিক আৰু কুচক্ৰান্তমূলক অভিসন্ধিৰ প্ৰবল বিৰোধিতা কৰা হ'ব । ইয়াৰ বাবে অহা ২০ ছেপ্টেম্বৰত ধেমাজি সদৰত ধেমাজি জিলা অনা মিচিং সুৰক্ষা সমিতিয়ে গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিব ৷"

আটাছুৰ নেতাজনে এই গণ প্ৰতিবাদত জিলাখনৰ প্ৰায় ২০ হাজাৰ অনা মিচিং লোকে অংশগ্ৰহণ কৰি নিজৰ স্বাধিকাৰ ৰক্ষাৰ সংগ্ৰামত অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰে ৷

আনহাতে, সংবাদমেলত অনা মিচিং সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি ভৱিষ্য দিহিঙীয়াই কয়, "২০১৩ চনতো ধেমাজি জিলাৰ অনা মিচিং ৰাইজে এম এ চিৰ বলপূৰ্বক তথা ষড়যন্ত্ৰমূলক খচৰাৰ বিৰোধিতা কৰি এক প্ৰবল গণ আন্দোলন কৰি মুঠ ১১৭ খন গাঁও কৰ্তন কৰাবলৈ চৰকাৰক বাধ্য কৰাইছিল ৷ পুনৰ এনে গণ আন্দোলন কৰাৰ বাবে যি পৰিৱেশ শেহতীয়াকৈ চৰকাৰে ৰচনা কৰিছে, সেয়া অতি দুৰ্ভাগ্যজনক ৷ এনে গভীৰ ষড়যন্ত্ৰৰে চৰকাৰে অনা মিচিঙৰ সৈতে হেতালি খেলিব খুজিছে ৷ এটা জনগোষ্ঠীক সন্তুষ্ট কৰিবলৈ গৈ অন্য দহটা জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিবলৈ লোৱাৰ কাৰ্যক আমি প্ৰতিহত কৰিম ৷"

সংবাদমেলত চিলাপথাৰ জনগোষ্ঠীয় কেন্দ্ৰীয় সুৰক্ষা সমিতিৰ উপ-সভাপতি দুলাল বৰুৱাই কয়, "মিচিং পৰিষদীয় সমষ্টিত অন্তৰ্ভুক্ত কৰাবলৈ হ'লে কমেও ৫০ শতাংশ মিচিং জনগোষ্ঠীৰ লোক থকা গাঁও হ'ব লাগে যদিও চৰকাৰে সেয়া সম্পূৰ্ণভাৱে উলংঘা কৰি মিচিং লোকৰ বসতি নথকা অজস্ৰ গাঁও বলপূৰ্বকভাৱে অন্তৰ্ভুক্ত কৰি সংবিধানকে উলংঘা কৰিছে ৷"

তেওঁ লগতে কয়, "চলে বলে কৌশলে অনা মিচিঙৰ গাঁও অন্তৰ্ভুক্ত কৰি অনা মিচিঙৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভূমি অধিকাৰ কাঢ়িবলৈ চৰকাৰ তথা এম এ চিয়ে যি নিকৃষ্ট পন্থা অৱলম্বন কৰিছে, তেনে পন্থাক প্ৰবল ৰূপত প্ৰত্যাহ্বান জনোৱা হ'ব ৷"

ক্ষুব্ধ নেতাজনে এটা নিৰ্দিষ্ট জনগোষ্ঠীক অধিকাৰ দিবলৈ অন্যান্য জনগোষ্ঠীৰ অধিকাৰ কাঢ়ি লোৱাটো কেতিয়াও মানি নলয় বুলি উল্লেখ কৰি ২০ ছেপ্টেম্বৰত ৰূপায়ণ কৰিবলগীয়া বিক্ষোভ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ সকলো স্তৰৰ লোককে আহ্বান জনায় ৷

লগতে পঢ়ক :কোনে ক’ত খেলিব উপ-নিৰ্বাচন; মুখ্যমন্ত্ৰীৰ ঘোষণা ! - CM on Bye Poll
লগতে পঢ়ক :চৰ্জুন হাঞ্চেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব; শেহতীয়া বিতৰ্ক সন্দৰ্ভত তদন্ত কৰিব আছুৱে - AASU General Secretary in Charge

Last Updated : Sep 19, 2024, 9:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.