অসম

assam

ETV Bharat / state

ধিঙৰ লাঠিয়ামাৰী চৰৰ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ - Dhing rape case

Dhing Minor rape case: বৃহস্পতিবাৰে ধিঙৰ লাঠিয়ামাৰী চৰত পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল এগৰাকী কিশোৰী ৷ এই ধৰ্ষণকাণ্ড সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ধিং থানাত এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত ধিং আৰক্ষীয়ে অভিযান চলাই আজি পুৱতি নিশা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

Dhing Minor rape case
ধিঙৰ লাঠিয়ামাৰী চৰৰ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্ত গ্ৰেপ্তাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 21, 2024, 6:00 PM IST

ধিং, ২১ ছেপ্টেম্বৰ: ধিঙৰ লাঠিয়ামাৰী চৰত বৃহস্পতিবাৰে সংঘটিত দলবদ্ধ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক শনিবাৰে ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্ত ধৰ্ষণকাৰী দুটা ক্ৰমে ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইন বুলি জানিব পৰা হৈছে । ধিং আৰক্ষীয়ে অভিযান চলাই পুৱতি নিশা লাঠিয়ামাৰী চৰৰ পৰা গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক ৷

কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, ভুক্তভোগী কিশোৰীগৰাকীয়ে বৃহস্পতিবাৰে ভায়েকৰ সৈতে আইতাকক নদীৰ ঘাটত থৈ উভতি অহাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ ধিঙৰ লাঠিয়ামাৰী চৰত যুৱকদ্বয়ে বলেৰে কিশোৰীগৰাকীক মটৰ চাইকেলত উঠাই নিয়ে আৰু এডৰা জাৰণিৰ মাজত কিশোৰীগৰাকীক ধৰ্ষণ কৰি সেই স্থানৰ পৰা পলায়ন কৰে ৷

ধিঙৰ লাঠিয়ামাৰী চৰৰ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্ত গ্ৰেপ্তাৰ (ETV Bharat Assam)

লগতে পঢ়ক:ধিঙত পুনৰ দুই যুৱকে জাৰণিৰ মাজলৈ টানি নি বলাৎকাৰ কৰিলে নাবালিকাক - Dhing rape case

ইফালে কিশোৰীগৰাকীক যুৱকদ্বয়ে বলপূৰ্বকভাৱে লৈ যোৱাত ভায়েকে ঘৰলৈ উভতি আহি চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ একগোট হয় ৷ তেওঁলোকে ঘটনাৰ বিষয়ে জানিব পাৰি তৎপৰতাৰে অভিযান চলাই কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে অভিযুক্ত দুটাই পলায়ন কৰাত স্থানীয় লোক তেওঁলোকক আটক কৰাত ব্যৰ্থ হয় ৷

ইয়াৰ পাছতেই ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে অভিযুক্ত ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইনৰ বিৰুদ্ধে ধিং থানাত এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে ১৭৯/২৪ নম্বৰত গোচৰ ৰুজু কৰি দুই অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ ইফালে কিশোৰীগৰাকীক সংকটজনক অৱস্থাত নগাঁও চিকিৎসালয়ত ভর্তি কৰোৱা হয় ।

লগতে পঢ়ক:আকৌ ধৰ্ষণৰ বলি দেশৰ কন্যা: তিনি দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ গ’ল নাবালিকাক - Dhing Minor rape case

ধৰ্ষণকাণ্ডই জোকাৰিছে ৰাজ্য : ধিংকন্যাক ন্যায়ৰ দাবীত শ শ মহিলাৰ প্ৰতিবাদ - Dhing rape case

ধিং আৰক্ষীয়ে আজি দুই অভিযুক্ত ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইনক নগাঁও আদালতত হাজিৰ কৰে ৷ নগাঁও আদালতে ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইনক দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা হৈছে ৷

ABOUT THE AUTHOR

...view details