অসম

assam

ETV Bharat / state

পথাৰৰ সোণগুটি আদৰাৰ পৰম্পৰাগত পানীতোলা সবাহ - RICE HARVESTING FESTIVAL

আঘোণ মানেই কৃষকৰ আনন্দৰ সময় । ভঁৰাল উপচি পৰাৰ সপোন বাস্তৱ হোৱাৰ সময় ।

Traditional Rice Harvesting Festival
ধেমাজিত পানীোতোলা সবাহ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 18, 2024, 6:33 PM IST

Updated : Nov 18, 2024, 7:24 PM IST

ধেমাজি :আঘোণৰ বতৰ মানেই বছৰজোৰা শ্ৰমৰ অন্তত প্ৰাপ্তিৰ হাঁহি মৰাৰ সময় । এয়া সোণগুটি ঘৰলৈ আদৰাৰ সময় বুলি কোৱা হয় । কৃষকে বাৰিষা কঠোৰ শ্ৰম কৰি আঘোণত সোণগুটিৰে ভঁৰাল উপচি পৰাৰ প্ৰাপ্তিৰ সপোন দেখে ৷ সেয়ে গাওঁখনৰ বৰনামঘৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা কাৰ্যসূচী আঘোণৰ পহিলাৰ দিনটো দিনটোত সামৰণি পৰে ।

এই দিনটোত ধেমাজি নগৰৰ সমীপৰ বালিগাঁৱত পুৱাৰে পৰা ওৰেটো নিশা এক উদুলিমুদুলি পৰিৱেশে বিৰাজ কৰে । অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰী অধ্যুষিত গাঁওখনত বিশেষকৈ সন্ধিয়াৰে পৰা পুৱতি নিশালৈকে গায়নে-বায়নে ঢোলে-দগৰে উৎসৱমুখৰ হৈ পৰে ৷ এই উৎসৱত জনগোষ্ঠীটোৰ পৰম্পৰাগত বিভিন্ন লোকনৃত্য,বহুৱা নৃত্য প্ৰদৰ্শনে ৰাইজক আমোদ দিয়ে ৷

ধেমাজিত পানীোতোলা সবাহ (ETV Bharat Assam)

উল্লেখ্য যে বৃহত্তৰ গাওঁখনত এইবেলি পাঁচ বছৰৰ মূৰত ৯৭ সংখ্যক লখিমীক আদৰা বা পানীোতোলা সবাহ গাঁওবাসীয়ে উদযাপন কৰিছে । পাঁচদিনীয়াকৈ আয়োজন কৰা এই লখিমী পানীতোলা সবাহত গাঁৱৰ শ শ বৃদ্ধা-বনিতা,আদহীয়া,যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে । সোণোৱাল কছাৰী নিয়মেৰে আয়োজন কৰা লখিমী সবাহত গাঁৱৰ ৰাইজে একেলগে বৰনামঘৰৰ পৰা গায়ন-বায়ন ঢোলে-দগৰে তামোল-পাণৰ শৰাই দি শোভাযাত্ৰা কৰি আহে ৷

পদূলিয়ে পদূলিয়ে ৰাইজে ধৰে বগা আঁৰকাপোৰ

পদূলিয়ে পদূলিয়ে বগা আঁৰকাপোৰ ধৰি পৰিয়ালৰ লোকে আৰ্শীবাদ লয় ৷ ইয়াৰ পিছতে সকলোৱে এই যাত্ৰাত অংশ লৈ নৈৰ পাৰত সমবেত হৈ আনন্দত আত্মহাৰা হৈ জাকৈ,পল’,খালৈ লৈ নিয়ম নীতি মতে ঢোল আৰু গায়ন-বায়নৰ তালে তালে নৃত্য কৰি জাকৈ পল' আৰু জাল মাৰি বিশেষ দোলাত মাছ ভৰায় ৷

যুৱক-যুৱতী, মহিলাসকল জাত-জাত লখিমী নাম, বিহুনামেৰে আনন্দত মতলীয়া হৈ পৰে। তেনেদৰে আদহীয়াসকলে সোণোৱাল কছাৰী বিহুনাম জোৰে। অভূতপূৰ্ব এই মাছমৰা লখিমী সবাহৰ দৃশ্য চাবলৈ স্থানীয় শ শ লোকে ভিৰ কৰে ৷ গাঁৱৰ জ্যেষ্ঠসকলে পৰম্পৰাগত এই উৎসৱৰ জৰিয়তে গাঁওখনৰ মংগল কামনা কৰাৰ লগতে আঘোণত পথাৰৰ পৰা সোণগুটি আদৰি অনাৰ কাম আৰম্ভ কৰিব ।

লগতে পঢ়ক:লক্ষ্মীপূজা-কাতি বিহুৰ উচাহৰ পৰা বঞ্চিত ধেমাজিৰ এইসকল লোক

সেউজ হ'ব লুইতৰ চাপৰি ! দুই হাজাৰ বিঘা কৃষিভূমিত আৰম্ভ শাক-পাচলিৰ খেতি

Last Updated : Nov 18, 2024, 7:24 PM IST

ABOUT THE AUTHOR

...view details