কাজিৰঙা, ১৫ এপ্ৰিল:ৰঙালী বিহুৰ বতৰ ৷ ঢোল-পেঁপাৰ মাতে ৰজনজনাই আছে ৰাজ্যৰ চৌদিশ ৷ কাজিৰঙাতো একেই পৰিৱেশ । কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত চৌদিশে ঢোল-পেঁপাৰ মাতে ৰজনজনাই থকাত দেশী-বিদেশী পৰ্যটকসকলেও আহি অংশগ্ৰহণ কৰিছে বিহু নাচত । ইয়াৰ মাজতে আজি দেখা গ'ল এক বিদেশী দম্পতী ৷ সুদূৰ জাৰ্মানীৰ পৰা অহা দম্পতীয়ে নাচিছে বিহু ৷ ইয়াৰ পিচতেই ৰাইজৰ সৈতে লৈছে সেৱা ৷ আনকি,অসমীয়া ভাষাত ব্যক্ত কৰিছে নিজৰ অনুভৱ ৷
কাজিৰঙাতো সংগোপনে নামি আহিছে বসন্ত ৷ বসন্তৰ আগমনে কাজিৰঙাক কৰি তুলিছে চঞ্চলা গাভৰুৰ দৰে ৷ কাজিৰঙা আজি সেউজীয়া ৷ সেউজ কাজিৰঙাৰ ৰং-ৰূপ উপভোগ কৰিবৰ বাবে বিভিন্নজনে হেঁপাহ কৰিছে ৷ কাজিৰঙাৰ নৈসৰ্গত জীৱন উদযাপন কৰিবলৈ সাত সাগৰ তেৰ নদী পাৰ হৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰখনিত উপস্থিত হৈছে বহুজন ৷ উপভোগ কৰিছে কাজিৰঙাৰ সৌন্দৰ্য ৷ সমান্তৰালকৈ উপভোগ কৰিছে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু ৷ বিহু নাচ চাই থাকিব নোৱাৰি ৷ ঢোলৰ গুমগুমনিয়ে আমাৰ গা সাতখন-আঠখন কৰে ৷ বিদেশীনিৰো একেই অৱস্থা ৷ কাজিৰঙাৰ বিহুত জাৰ্মানীৰ পৰ্যটকেও কঁকাল ভাঙিছে ৷