যোৰহাট: বহু চৰ্চিত অসম সাহিত্য সভা নিৰ্বাচন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ’ল ৷ আজি মনোনয়ন পত্ৰ সংগ্ৰহৰ শেষৰ দিনা উপ-সভাপতি পদৰ বাবে এজনে আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে দুজনে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে । আজি অৰ্থাৎ মনোনয়ন সংগ্ৰহৰ দ্বিতীয় তথা অন্তিম দিনা ছহিৰ ভূঞাই (দৰং) উপ-সভাপতি আৰু দেৱজিত বৰা(যোৰহাট) আৰু প্ৰান্তিক গোস্বামী (নগাঁও)য়ে প্ৰধান সম্পাদকৰ পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে ।
ইয়াৰ পূৰ্বে মনোনয়ন সংগ্ৰহৰ প্ৰথম দিনা অৰ্থাৎ দেওবাৰে উপ-সভাপতি পদৰ বাবে দেওবাৰে নৰহৰি চুতীয়া(তেজপুৰ), ডাঃ বিপিন চন্দ্ৰ কলিতা(নলবাৰী), অজয় সিংহ(নাহৰকটীয়া), পদুম ৰাজখোৱা(নগাঁও), ড৹ অনিল কুমাৰ শইকীয়াই(যোৰহাট) মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল ৷ একেদৰে প্ৰধান সম্পাদক বাবে অজিত প্ৰসাদ শৰ্মা আৰু ড৹ সঞ্জীৱ কুমাৰ শমাই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল ।
আজি প্ৰধান সম্পাদকৰ পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰি দেৱজিত বৰাই কয়, "জাতীয় জীৱনৰ সুৰক্ষা স্বাৰ্থত, জাতীয় জীৱনক সঠিক পথৰে আগবঢ়াই নিয়াৰ বাবে মই ২০২৫ আৰু ২০২৭ বৰ্ষৰ বাবে প্ৰধান সম্পাদক পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছো । অসম স্বাৰ্থত, অসম সাহিত্য সভাৰ স্বাৰ্থত, অসম সাহিত্য সভাৰ ঐতিহাসিক যাত্ৰাৰ বহু প্ৰত্যাশা ৰাখি এই পদৰ বাবে আগবাঢ়ি আহিছো ।"