মেষ- আজি লেখক আৰু শিল্পীৰ বাবে সময় অনুকূল হ’ব ৷ কথা কওঁতে সাৱধান হওক ৷ ভাতৃপ্ৰেম বাঢ়িব ৷ দুপৰীয়াৰ পাছত চিন্তা বৃদ্ধি পাব আৰু কামৰ প্ৰতি নিৰুদ্বেগ হ’ব পাৰে ৷ কোনো কথাত আবেগিক হ’ব পাৰে ৷ আৰ্থিক দিশত দিনটো শুভ ৷ শাৰীৰিকভাৱেও সুস্থ হৈ থাকিব ৷
বৃষ-গুৰুত্বপূৰ্ণ কাম আজি সমাপন কৰিব পাৰিব ৷ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ ৷ ধন লাভৰ সম্ভাৱনা ৷ শাৰীৰিক আৰু মানসিকভাৱে উৎসাহী হৈ থাকিব ৷ পৰিয়ালৰ সৈতে আনন্দৰে ভৰা দিন পাৰ কৰিব পাৰিব ৷ কোনো কামত খৰখেদা নকৰিব, ভাল সুযোগ হেৰুৱাব পাৰে ৷ বাহন চলাওতে সাৱধান হওক ৷
মিথুন-সকলো বিষয়তে সাৱধান হওক ৷ ঘৰুৱা ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ সৈতে বিবাদ হ’ব পাৰে ৷ আজি নতুন কামৰ আৰম্ভণি নকৰাই মংগল ৷ শাৰীৰিক আৰু মানসিক চিন্তা থাকিব ৷ আত্মবিশ্বাস বাঢ়িব ৷ বাহিৰত খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হওক ৷
কৰ্কট-আজিৰ দিনটো পাৰিবাৰিক তথা ব্যৱসায়িক ক্ষেত্ৰত লাভ হ’ব ৷ প্ৰিয়জনৰ সৈতে সাক্ষাৎ হ’ব ৷ মানসিক তথা শাৰীৰিক অৱস্থা সুস্থিৰ হৈ থাকিব ৷ কিন্তু দুপৰীয়াৰ পাছত কোনো কথাক লৈ চিন্তিত হ’ব পাৰে ৷ অনৰ্থক খৰচ হ’ব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক ৷
সিংহ-দিনটো আনন্দপূৰ্ণ হ’ব ৷ ব্যৱসায়ীসকলৰ বাবেও দিনটো শুভ ৷ চাকৰিয়ালৰ বাবে এটা সাধাৰণ দিন ৷ পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্ত পাৰ কৰিব ৷ আৰ্থিক লাভ ৷ সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব ৷ দাম্পত্যত সুখ বৃদ্ধি ৷ স্বাস্থ্যৰ প্ৰতি চিন্তাৰ কাৰণ নাই ৷
কন্যা-আজি নতুন কাম আৰম্ভণিৰ বাবে দিনটো শুভ ৷ ধাৰ্মিক কাৰ্যত মনোনিৱেশ কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত কামৰ বোজা বাঢ়িব পাৰে ৷ বিদেশ ভ্ৰমণ হ’ব পাৰে ৷ কোনো আধৰুৱা কাম আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা ৷ গাৰ্হস্থ্য জীৱন সুখৰ হ’ব ৷ সন্মান লাভ যোগ ৷