মেষ-দিনটোৰ আৰম্ভণিতে কোনো নতুন কামক লৈ মন উৎসাহী হৈ থাকিব ৷ শাৰীৰিক আৰু মানসিক স্থিতিয়ে উৎসাহ দুগুণ বৃদ্ধি কৰিব ৷ বন্ধু-বান্ধৱৰ সৈতে সময় কটাব পাৰে ৷ প্ৰেমত শুভ ৷ দুপৰীয়াৰ পাছত স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে ৷ বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক ৷ আৰ্থিক লেন-দেন কৰোঁতে সতৰ্ক হওক ৷
বৃষ-কোনো কথাক লৈ দোমোজাত পৰিব পাৰে ৷ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে মনত অসন্তুষ্টি থাকিব ৷ কাহ-চৰ্দিৰ সমস্যাত ভুগিব পাৰে ৷ কৰ্মক্ষেত্ৰত কামৰ বোজা বাঢ়িব ৷ ধাৰ্মিক কাৰ্যত অৰ্থ ব্যয় হ’ব পাৰে ৷ দুপৰীয়াৰ পাছত পৰিস্থিতি অনুকূল হ’ব ৷ কামত উৎসাহ বাঢ়িব ৷ আৰ্থিক লাভ হ’ব ৷ আজি বিনিয়োগৰ পৰা বিৰত থকাই মংগল ৷
মিথুন-আজি বন্ধুৰ পৰা সহায় লাভ কৰিব ৷ নতুন বন্ধু লাভ ৷ ভবাতকৈ অধিক আৰ্থিক লাভৰ সম্ভাৱনা ৷ চৰকাৰী কাম সহজতে সম্পন্ন হ’ব ৷ দুপৰীয়াৰ পাছত কিছু সাৱধানতা অৱলম্বন কৰক ৷ ধৰ্ম-কৰ্মৰ পৰা মন আঁতৰিব পাৰে ৷ আনৰ কাজিয়াৰ মাজত নোসোমাব ৷ আজি বিত্তীয় লেন-দেন নকৰিব ৷ পৰিয়ালৰ প্ৰতি চিন্তা হ’ব পাৰে ৷
কৰ্কট-আজি নতুন কাম কৰিবলৈ প্ৰেৰণা পাব ৷ কোনো কামত প্ৰয়োজন হ’লে জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ স্বাস্থ্য কিছু দুৰ্বল হ’ব ৷ আজি বেছি ঘূৰা-ফুৰা নকৰিব ৷ খং বৃদ্ধি পাব পাৰে ৷ দুপৰীয়াৰ পাছত শৰীৰ আৰু মন দুয়োটা সুস্থিৰ হ’ব ৷ ব্যৱসায়ী আৰু চাকৰিয়ালে কোনো গুৰুত্বপূৰ্ণ বৈঠকত ভাগ ল’ব পাৰে ৷
সিংহ-আজি দিনটোৰ আৰম্ভণিতে শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ কোনো কথাত খং উঠিব পাৰে ৷ দুপৰীয়াৰ পাছত পৰিস্থিতি সলনি হ’ব ৷ পৰিয়ালত শান্তি বৰ্তী থাকিব ৷ চাকৰীয়ালসকলৰ উচ্চ পদস্থ বিষয়াৰ সৈতে আলোচনা হ’ব পাৰে৷ কাৰ্যালয়ত কাৰো সৈতে বিবাদত লিপ্ত নহ’ব ৷ পৰিয়ালৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰিব পাৰে ৷ সাংসাৰিক জীৱন সুখৰ হ’ব ৷
কন্যা-আজি নতুন কামৰ আৰম্ভণি নকৰিব ৷ আধ্যাত্মিক ক্ষেত্ৰত আজি সিদ্ধি লাভৰ যোগ ৷ ধৰ্মীয় কাৰ্যত উপস্থিত থাকিব ৷ স্বাস্থ্যৰ অৱস্থা উন্নত হ’ব ৷ খং বৃদ্ধি পাব পাৰে ৷ যাৰ বাবে সময়মতে কাম সম্পূৰ্ণ কৰাত বাধা আহিব ৷ ধ্যান আৰু যোগৰ দ্বাৰা নিজৰ খং দমন কৰক ৷ ব্যৱসায়িক সহযোগীৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷ প্ৰেমত সফলতা লাভৰ বাবে সংগীৰ কথাত গুৰুত্ব দিয়ক ৷ বিদ্যাৰ্থীৰ বাবে সময় মধ্যমীয়া ৷