হাফলং, ১০ জুলাই: ডিমা হাছাও জিলাত বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টি । মঙলবাৰে হাফলঙত এক যৌথ সাংবাদমেল সম্বোধন কৰি তৃণমূল কংগ্ৰেছৰ জিলা কমিটীৰ সম্পাদক ছেথমিথাং খংচাই আৰু আম আদমী পাৰ্টিৰ জিলা সম্পাদক ছানি বাটাৰীয়ে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ দলটোক তীব্ৰ সমালোচনা কৰে ।
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পিচৰে পৰা ডিমা হাছাও জিলাত বিজেপি দলে যি জনবিৰোধী নীতি গ্ৰহণ কৰিছে ইয়াৰ তীব্ৰ সমালোচনা কৰি তৃণমূল কংগ্ৰেছৰ জিলা কমিটীৰ সম্পাদক আৰু আম আদমী পাৰ্টিৰ জিলা সম্পাদকে কয়, "ডিমা হাছাও জিলাত ৰাইজে বিজেপিক ভোট দি জয়ী কৰাৰ পিচতে এতিয়া পৌৰ নিগমে মন্দিৰ, মছজিদ, গীৰ্জাৰ ১০০ মিটাৰ ব্য়াসাৰ্ধত মাছ-মাংস বিক্ৰী কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিছে । হাফলঙত দুদিন সাপ্তাহিক বজাৰ বহিবলৈ নিৰ্দেশ দিছে ।" দুয়োটা দলেই ইয়াৰ বিৰোধিতা কৰিছে বুলি তেওঁলোকে কয় ।
ডিমা হাছাও জিলাত বাঁহ কটাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি যি নিৰ্দেশনা দিছে তাৰো তীব্ৰ বিৰোধিতা কৰে তৃণমূল কংগ্ৰেছৰ জিলা কমিটী আৰু আম আদমী পাৰ্টিয়ে । ডিমা হাছাও জিলাৰ ষষ্ঠ অনুসূচীক সুৰক্ষিত কৰাৰ বাবে যি ষষ্ঠ অনুসূচী সুৰক্ষা সমিতি গঠন কৰা হৈছে এই সমিতিত বিজেপি আৰু কংগ্ৰেছ দল নাই বুলি উল্লেখ কৰি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে । তৃণমূল কংগ্ৰেছৰ জিলা কমিটী আৰু আম আদমী পাৰ্টিয়ে পাহাৰীয়া জিলাৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিত অংশগ্ৰহণ কৰিবলৈ বিজেপিক আহ্বান জনায় ।