নগাঁও:বনাঞ্চল এৰি জনাঞ্চলত বিচৰণ কৰিছে বনৰজাই । এতিয়া বনৰজাৰ আতংকত মানুহে ঘৰৰ পৰা ওলাবলৈ শংকা কৰে । দিনত কোনোমতে চলি যায় যদিও সন্ধিয়া হোৱাৰ লগে লগে পেটত হাত-ভৰি লুকায় ।
ঘৰৰ চোতালতেই ওলাবলৈ ভয় কৰা হৈছে জনতা । এই ছবিখন ৰাজ্য়ৰ আন ঠাইৰ লগতে নগাঁৱত ভয়াৱহ হৈ উঠিছে । কি কৰিব উৱাদি নোপোৱা হৈছে । ইয়াৰ মাজতেই যোৱা দেওবাৰে নিশা ভুমুকি মাৰিলে বনৰজাই ।
বনৰজাই বিগত কেইবামাহ ধৰি আতংকিত কৰি ৰাখিছে নগাঁৱৰ জনতাক। এবাৰ যদি নগাঁও চহৰত ওলায়, আন কেতিয়াবা আকৌ গ্ৰামাঞ্চলত মুক্ত বিচৰণ কৰি ত্ৰস্তমান কৰি ৰাখিছে ৰাইজক । ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতেই নগাঁও চহৰৰ আমোলাপট্টিৰ এটা নিৰ্মিয়মান অট্ৰালিকাত আশ্ৰয় লোৱা অৱস্থাত অট্ৰালিকাটোত কৰ্মৰত শ্ৰমিকে প্ৰত্যক্ষ কৰাৰ পাছতেই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল চহৰখনত । কিন্তু লগে লগেই বাঘটোৱে সেই স্থান ত্যাগ কৰি পলায়ন কৰাত সমগ্ৰ চহৰখনতেই এক আতংকৰ পৰিৱেশে বিৰাজ কৰাৰ চাৰিদিনৰ অন্তত বন বিভাগৰ লোকে নগাঁও চহৰৰ ঢাকাইপট্টি এলেকাৰ পৰা বাঘটোক ট্ৰেংকুলাইজ কৰি লৈ যাবলৈ সক্ষম হয় । এই ঘটনাৰ মাত্ৰ এদিন পাছতেই পুনৰ বাঘৰ আতংকত দিন কটাবলগীয়া হৈছে নগাঁৱৰ জনতাই।
নগাঁৱত আকৌ বাঘ!
নগাঁও চহৰত আতংকৰ সৃষ্টি কৰা এটা নাহৰফুটুকীক বন বিভাগে ট্ৰেংকুলাইজ কৰাৰ সহায়ত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাৰ এদিন পাছতেই পুনৰ বাঘৰ আতংকত দিন কটাবলগীয়া হৈছে নগাঁও চহৰৰে দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দাই । দেওবাৰে সন্ধিয়াই নগাঁও চহৰৰে গাতে লাগি থকা ছোট ৰূপহী, হেৰাপতি আদি অঞ্চলত বাঘৰ বিচ়ৰণ প্ৰত্যক্ষ কৰা বুলি স্থানীয় একাংশ লোকে উল্লেখ কৰাৰ পাছতেই তীব্ৰ আতংকৰ সৃষ্টি হয় অঞ্চলসমূহত ।
স্থানীয় লোকে কি কয় ?