গুৱাহাটী, ১৭ জুন :পবিত্র হজ পালন কৰিবলৈ গৈ মক্কাত পদপিষ্ট হৈ অসমৰ তিনিগৰাকী হজযাত্ৰীৰ মৃত্যু হৈছে । দেওবাৰে মক্কাৰ মিনাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । মিনাৰ চফাৰ ময়দানত অধিক ভিৰৰ মাজত পদপিষ্ট হৈ অসমৰ তিনিগৰাকী হজযাত্ৰী মৃত্যুমুখত পৰে ।
এই মৃত লোককেইগৰাকী হৈছে কাছাৰৰ বৰখলাৰ মৌলানা ছইফ উদ্দিন বৰভূঞা, হাইলাকান্দিৰ চান্দপুৰ গাঁৱৰ ছালেহা বেগম বৰভূঞা আৰু বৰপেটা জিলাৰ জৰিনা বেগম । তিনিওগৰাকী হজযাত্ৰীৰ মৃতদেহ স্থানীয় হাস্পাতালৰ মর্গত ৰাখিছে ছৌদি প্রশাসনে ।
ইপিনে, কিছুদিন পূৰ্বে হজ পালনলৈ গৈ মক্কাত মৃত্যু হৈছিল অসমৰ এজন হজযাত্ৰীৰ । মৃত হজযাত্ৰীজন কাছাৰৰ তোপখানাৰ জছিৰ উদ্দিন মজুমদাৰ । পত্নীক লগত লৈ পৱিত্ৰ হজ পালন কৰিবলৈ ছৌদি আৰবলৈ গৈছিল জছিৰ উদ্দিন মজুমদাৰ নামৰ লোকজন । হজ পালনৰ সময়তেই হঠাৎ অসুস্থ হৈ পৰে জছিৰ উদ্দিন মজুমদাৰ । ইয়াৰ পিচতেই চিকিৎসাৰ ব্য়ৱস্থা কৰে যদিও তেওঁৰ মৃত্য়ু হয় ।
উল্লেখ্য যে, উত্তৰ পূবৰ ৰাজ্য কেইখনৰ পৰা মে'ত আৰম্ভ হোৱা হজ যাত্ৰা ২৫ মে'লৈ যাত্ৰীসকল মক্কালৈ যাত্ৰা কৰিছিল । এইবেলি পবিত্ৰ হজ সমাপনৰ বাবে ৩,৮০৭ গৰাকী হজ যাত্ৰী মক্কালৈ যাত্ৰা কৰিছিল । ইয়াৰ ভিতৰত পুৰুষ হজযাত্ৰীৰ সংখ্যা হৈছে ২,৬৫১ জন আৰু মহিলা হজযাত্ৰীৰ ১,২৮৬ গৰাকী ।