অসম

assam

ETV Bharat / state

যুঁজ দি পৰাজিত বিৰোধী ঐক্য মঞ্চ সমৰ্থিত তিনি প্ৰাৰ্থীক সম্বৰ্ধনা - Opposition unity forum Assam

Felicitation of Opposition unity forum Assam: এক ব্য়তিক্ৰমী সম্বৰ্ধনা অনুষ্ঠান । এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হ'ল পৰাজিত প্ৰাৰ্থীক । কোনে এই পৰাজিত প্ৰাৰ্থীক জনালে সম্বৰ্ধনা ?

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 7:18 AM IST

Felicitation of Opposition unity forum Assam
এক ব্য়তিক্ৰমী সম্বৰ্ধনা অনুষ্ঠান (ETV BHARAT ASSAM)

গুৱাহাটী, ১৯ জুন : 'এইবাৰৰ নিৰ্বাচনত জনতাই বিশেষ বাৰ্তা দিলে । এইবাৰৰ নিৰ্বাচন বিশেষ আছিল । এক জটিল সন্ধিক্ষণৰ এই সময়ত ৰাইজে এক বিশেষ বাৰ্তা দিলে । গণতন্ত্ৰত ৰাইজেই ৰজা সেই কথা প্ৰমাণ হ'ল । অপাৰ ক্ষমতা তথা সমাজক বিভাজিত কৰাৰ পাছতো ৰাইজে বাৰ্তা দিলে' - এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

মঙলবাৰে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ভাৰত জোড়ো অভিযান অসম, অসম নাগৰিক সমাজ আৰু নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিৰ সম্বৰ্ধনা গ্ৰহণ কৰি ডিব্ৰুগড় সমষ্টিৰ পৰা বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ বিজেপিৰ সৰ্বানন্দ সোণোৱালৰ হাতত পৰাজিত হোৱা লুৰীণজ্যোতি গগৈয়ে এইদৰে মন্তব্য় কৰে ।

লগতে পঢ়ক:সম্বৰ্ধনা অনুষ্ঠানলৈ বাছি বাছি নিৰ্বাচনী প্ৰাৰ্থীক দিলে নিমন্ত্ৰণ: প্ৰতিক্ৰিয়া দীপ বায়নৰ - Dip Bayan on Assam Nagarik Samaj

উল্লেখ্য যে, সংগঠন তিনিটাই মঙলবাৰে নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ লগতে পৰাজয়বৰণ কৰিলেও তীব্ৰ যুঁজ দিয়া লুৰীণজ্যোতি গগৈ, মীৰা বৰঠাকুৰ গোস্বামী আৰু হাফিজ ৰচিদ আহমেদ চৌধুৰীক সম্বৰ্ধনা জনায় । সম্বৰ্ধনা গ্ৰহণ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে, পৰাজয়ৰ পিছতো দিয়া সম্বৰ্ধনাৰ বাবে এই অনুষ্ঠানটো তেওঁৰ বাবে বিশেষ ।

এই বিশেষ সম্বৰ্ধনাক আশীৰ্বাদ হিচাপে লৈছো বুলি উল্লেখ কৰি তেওঁ কয় যে, এইবাৰৰ নিৰ্বাচনত জনতাই ৫৬ ইঞ্চিৰ নৰেন্দ্ৰ মোদীক থৰক-বৰক লগালে । নিজকে ক্লাবৰ সভাপতি বুলি মন্তব্য় কৰি এগৰাকী প্ৰাক্তন মুখ্যমন্ত্রী তথা প্ৰভাৱশালী মন্ত্রীৰ বিপক্ষে হৰাটো স্বাভাৱিক বুলি মন্তব্য় কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে ৰাইজৰ পৰীক্ষাত এইবাৰ পাছ কৰিব পৰা নাই ।

লগতে পঢ়ক:কংগ্ৰেছত বিভাজনৰ অপচেষ্টা চলাইছে নেকি অজিত ভূঞাই ? উভতি ধৰিলে ৰমেন বৰঠাকুৰে - Ramen Borthakur on Ajit Bhuyan

তেওঁ পুনৰ কয় যে, ৰাইজে আগতে প্ৰতাৰণাৰ সন্মুখীন হৈছে বাবে সহজে বিশ্বাস কৰিব টান পায় । এই সংগ্ৰাম নিৰৱচ্ছিন্নভাৱে চলি থাকিব আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা শক্তিক উফৰাব লাগিব । এই সংগ্ৰামখন ঐক্যবদ্ধভাৱে যুঁজিব লাগিব আৰু একতা অটুট ৰাখিব লাগিব ।

আনহাতে, হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে কয় যে তেওঁৰ প্ৰাৰ্থী হোৱাৰ ইচ্ছা নাছিল । গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত বিভিন্নজনৰ হেঁচাত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল । গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্রত আমি জয়ী হৈছো বুলি উল্লেখ কৰি তেওঁ কয়, ভয়-শংকাৰ পৰিৱেশৰ পাছতো কৰিমগঞ্জৰ ৰাইজে বিপুল পৰিমাণৰ ভোট দিলে ৷ ব্যক্তি হিচাপে হাৰিলেও গণতন্ত্ৰৰ জয় হৈছে বুলি তেওঁ কয় । অনুষ্ঠানটোত সম্বৰ্ধনা গ্ৰহণ কৰি মীৰা বৰঠাকুৰ গোস্বামীয়েও নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ।

লগতে পঢ়ক:ম্যাদ উকলিছে নেকি হিমন্ত বিশ্ব শৰ্মাই কৰা ৰাজনীতিৰ ? ড৹ শৰ্মা থাকিলে বিজেপি নাথাকিব বুলি কোনে ক’লে ? - Assam politics

আসুৰিক স্বৈৰতন্ত্র দূৰ নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰাখিব লাগিব: ড৹ হীৰেন গোহাঁই - Hiren Gohain slams BJP

একনায়কত্ববাদী শাসন সদায় চলি নাথাকে : অজিত কুমাৰ ভূঞা - Opposition unity forum Assam

ABOUT THE AUTHOR

...view details