অসম

assam

ETV Bharat / state

CAA বিৰোধী আন্দোলন কৰি কোনো লাভ নাই : মুখ্যমন্ত্ৰী - CAA protest in Assam

CAA protest in Assam : CAA বিৰোধী আন্দোলনকাৰীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য । আন্দোলনকাৰী দল-সংগঠনে বন্ধ ঘোষণা কৰিলেই দলৰ পঞ্জীয়ন বাতিল কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰী । এতিয়া আন্দোলন কৰি কোনো লাভ নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Party's registration may be canceled if they declares bandh
CAA বিৰোধী আন্দোলনকাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 1:22 PM IST

CAA বিৰোধী আন্দোলন কৰি কোনো লাভ নাই : মুখ্যমন্ত্ৰী

নগাঁও, ১০ মাৰ্চ :ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত থকাৰ সময়তে চলি আছে CAA বিৰোধী আন্দোলন । পিছে CAA বিৰোধী আন্দোলন ৰোধ কৰিবলৈ বদ্ধপৰিকৰ চৰকাৰ প্ৰশাসন । ইয়াৰ মাজতে নগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য, "CAA বিৰোধী আন্দোলনৰ নামত কোনো ৰাজনৈতিক দলে বন্ধ ঘোষণা কৰিলে বাতিল হ'ব পাৰে দলৰ পঞ্জীয়ন ।"

দেওবাৰে পুৱাই বটদ্ৰৱাত উপস্থিত হৈ CAA বিৰোধীতা কৰা দল সংগঠনক লক্ষ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়াই । নাগৰিকত্ব সংশোধনী বিধেয়ক ইতিমধ্যেই আইনত পৰিণত হ'ল । আইন পাছ হোৱাৰ সময়তহে কৰিব লাগিছিল আন্দোলন । এতিয়া আন্দোলন কৰি কোনো লাভ নাই বুলি মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই । আনকি আই এম ডি টি আইন বাতিলৰ প্ৰসংগও উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

আই এম ডি টি আইন কোনো আন্দোলনৰ ফলত বাতিল হোৱা নাই । আদালতত যুক্তিৰ ভিত্তিত বাতিল হৈছিল আই এম ডি টি আইন । একেদৰে কোনোবাই যদি CAA বিচৰা নাই তেন্তে আদালতৰ মজিয়াত উপযুক্ত যুক্তি দৰ্শাই বাতিল কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এতিয়া অসমত আন্দোলনৰ কোনো পৰিৱেশ নাই বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে নগাঁও লোকসভা সমষ্টিত বিজেপিৰ জয়ী হোৱাৰ সম্ভাৱনা অধিক বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লগতে তেওঁ কয় যে এইবাৰ সংখ্যালঘু মহিলাই ভোটদান কৰিব ভাৰতীয় জনতা পাৰ্টীক ।

লগতে পঢ়ক:অখিল গগৈৰ নামটো আজিৰ পৰা মই নলও: ৰূপজ্যোতি কুৰ্মী

ABOUT THE AUTHOR

...view details