যোৰহাট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষৰূপে ঘোষণা কৰিছে আৰু ৰাজ্যিক কেবিনেটেও এই বিষয়ত এক সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পুথিভঁৰাল বিপ্লৱ আনিবলৈ বৃহৎ পৰিমাণৰ পুঁজি অনুমোদন দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে । মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনাই শনিবাৰে যোৰহাট জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত কিতাপ পঢ়াৰ আনন্দ শীৰ্ষক এক অন্তৰংগ আলাপৰ আয়োজন কৰা হয় ।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "২০২৫ বৰ্ষক চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰা কাৰ্য সঁচাই প্ৰশংসনীয় আৰু অসমবাসীৰ বাবে এয়া গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হ'ব ৷ চৰকাৰৰ এই পদক্ষেপক অসম সাহিত্য সভাই পূৰ্ণ সহযোগিতা আগবঢ়াব ৷ কাৰণ পৃথিৱীৰ একমাত্ৰ অন্তৰংগ বন্ধুৱেই হ’ল গ্ৰন্থ আৰু গ্ৰন্থই মানুহৰ বিভিন্ন সমস্যাৰ অৱসান ঘটায় ৷"