বৰপেটা: সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠান উপলক্ষে শনিবাৰে ভেল্লাত এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয় । সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে মুকলি কৰা সাংস্কৃতিক শোভাযাত্রাত গায়ন-বায়ন, বিহু, জনগোষ্ঠীয় নৃত্যকে ধৰি অসমৰ বিবিধ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে ।
ইপিনে প্ৰতিষ্ঠা দিৱস উপলক্ষে সংগঠনটোক নেতৃত্ব প্ৰদান কৰা ৰাজ্যিক আৰু জিলা সমিতিৰ পূৰ্বৰ সভাপতি সম্পাদক আদিকে ধৰি প্ৰাক্তন নেতা আৰু বিষয়ববীয়াসকলক সম্বৰ্দ্ধনা জনোৱা হয় ।
ইয়াৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা । সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আছুৰ সভাপতি উৎপল শৰ্মা, ND24ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৰাজ্যখনৰ জনগোষ্ঠীয়-জাতীয় সংগঠনৰ নেতাই অংশগ্ৰহণ কৰে । সভাত সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে প্ৰৱৰ্তন কৰা শংকৰ-আজান সমন্বয় অসম হিতৈষী বঁটা প্ৰদান কৰা হয় । বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্র দাসক এই বঁটা প্ৰদান কৰা হয় ।